গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচন আৰু গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সহযোগত ‘সংবিধান দিৱস’ উদযাপন কৰে৷ উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ন্যায়াধীশ মানস ৰঞ্জন পাঠক, ন্যায়াধীশ অজিত বৰঠাকুৰ, ন্যায়াধীশ মনীষ চৌধুৰী, ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি, মিজোৰাম চৰকাৰৰ মহাধিবক্তা দিগন্ত দাস প্ৰমুখ্যে কেবাগৰাকী ন্যায়াধীশ, জ্যেষ্ঠ অধিবক্তা, ন্যায়ালয়ৰ বিষয়া আৰু বহুসংখ্যক অধিবক্তা উপস্থিত থাকে৷ ন্যায়াধীশ মানস ৰঞ্জন পাঠকে আদৰণি ভাষণত ভাৰতৰ সংবিধান প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ব্যাখ্যা আগবঢ়ায়৷ ন্যায়াধীশ অজিত বৰঠাকুৰে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্যৰ গুৰুত্বৰ বিস্তৃত ব্যাখ্যা কৰে৷ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰি সংবিধানৰ নীতি-আদৰ্শ ৰক্ষা কৰাৰ সংকল্পৰ কথা দোহাৰে৷ মিজোৰাম চৰকাৰৰ মহাধিবক্তা দিগন্ত দাসে সংবিধানৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰু ইয়াৰ আদৰ্শ ৰক্ষাত ন্যায়পালিকাই লোৱা ভূমিকাৰ কথা উল্লেখ কৰে৷ ন্যায়াধীশ মনীষ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়াই৷উল্লেখ্য যে,১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু ২০১৫ চনত ভাৰত চৰকাৰে এই দিনটো সংবিধান দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা