মনুষ্য জীৱন অতি দুৰ্লভ।কিন্তু বছৰি অধিক লোকে বাইক অথবা আন বাহনত আকস্মিক দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাবতিব লগা হয়। আকস্মিক দুৰ্ঘটনা ৰোধ কৰি কি দৰে মানুহৰ অমূল্য জীৱন ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্য সন্মুখত লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সু দৃঢ় চিন্তাৰে সমগ্ৰ অসমতে বাইক ৰেলীৰে ৰাইজৰ মাজত দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জনসচেতনা সৃষ্টিৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিগত কেইদিনত তীব্ৰ শীতকো নেওচিও এখন ৰয়েল এনফিল্ড চলাই বাইক ৰেলীৰে কাৰ্যত সমগ্ৰ অসমতে জনসজাগতা সৃষ্টি কৰিবলৈ লোৱা প্ৰচেষ্টাক জনসাধাৰণে ব্যাপক ভাবে সঁহাৰি দিয়া পৰিলক্ষিত হৈছে। উল্লেখ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে কিছুদিন পূৰ্বে গুৱাহাটীৰ কাষৰীয়া কামৰূপ জিলাৰ আমিনগাঁৱত বিশ্ব স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পথ সুৰক্ষা জন আন্দোলন আৰম্ভ কৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই।বিগত দিনসমূহত এই বাইক ৰেলীৰে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ ২৩ খন জিলাৰ ইতিমধ্যে ৭৬ টা সমষ্টিত পৰিভ্ৰমণ কৰি বাহন আৰু পথ ব্যৱহাৰকাৰী আৰক্ষী,পৰিবহণ বিভাগ,জিলা প্ৰশাসনকে ধৰি পথ সূৰক্ষাৰ লগত জৰিত বিভিন্ন বিভাগ- কৰ্তৃপক্ষৰ মাজত সু- সমন্বয় সাধনৰ প্ৰয়াস অব্যাহত ৰাখিছে । প্ৰণিধানযোগ্য যে দুচকীয়া বাহন চলোৱা চালক-আৰোহী উভয়ে হেলমেট পৰিধান কৰা, অান বাহন চলোৱাৰ সময়ত চালকে ,মবাইল ফোন ব্যবহাৰ নকৰা, নিয়ন্ত্ৰিত গতিবেগত বাহন চলোৱা, চিটবেল্ট লগাই লোৱা,সুৰাপান কৰি কোনো ধৰণৰ বাহন নচলাবলৈ জনসাধাৰণক অনুৰোধ জনায় এই মহৎ কাৰ্যসূচী আৰম্ভ কৰা বুলি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জানিবলৈ দিয়ে।উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমত পোন প্ৰথমবাৰৰ বাবে পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজপথত বাহনৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ নিজে বাইক চলাই অহা বিষয়টো সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন