কবিতাৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিয়াতো বৰ দুৰুহ কাম।কবিতা নিৰ্মাণ হৃদয়ৰ অভিব্যক্তি আৰু মূল বস্তু,ভাৱ আৰু স্পন্দনশীল আবেগ। কবিতা এক কলা, যাৰ ৰস আমি আস্বাদন কৰিব পাৰো।প্ৰকৃতি আৰু কবিৰ আত্মিক সংযোগে কবিতাৰ জন্মত ইন্ধন যোগায়। আজি প্ৰকাশন অনুষ্ঠান পৰাগজ্যোতি প্ৰকাশন” ৰ উদ্যোগত আৰু চন্দ্ৰপুৰ সাহিত্য সভাৰ আতিথ্যত মহানগৰীৰ পূৱ প্ৰান্তৰ চন্দ্ৰপুৰ নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত কবিতাৰ সংজ্ঞা, কবিতাৰ যুগ বিভাগ, আধুনিক কবিৰ কবিতা” শীৰ্ষক বিষয়ত মূল বক্তৃতা দি বিশিষ্ট কবি, সাহিত্যিক,অসম কবি সমাজৰ প্ৰাক্তন উপ-সভাপতি জ্যোতিষ বৰ্মণে এনেদৰে কয় । বিশিষ্ট কবি,অনুবাদক কিশোৰ কুমাৰ জৈনৰ সঞ্চালনাত অনুষ্ঠিত সন্মিলনত প্ৰতিভাধৰ লেখক জ্যোতিষ বৰ্মণে আৰু কয়- কবিৰ আবেগ – অনুভূতিয়ে আমাক এখন কল্পনাৰ জগতলৈ ধাবমান কৰে।অসমীয়া কাব্যৰ শৈশৱ, কৈশোৰ সম্পৰ্কত ইতিহাস নিৰৱ।ভাষাই যেতিয়া লিখিত ৰূপ পোৱা নাছিল তেতিয়া আদিম মানৱে চিকাৰ আদিলৈ যাওঁতে ঝুম বান্ধি গৈছিল, চিকাৰৰ অন্তত মনৰ আনন্দতে কিছুমান শব্দ উচ্চাৰণ কৰিছিল- ‘জোৰচে মাৰো হেইচো/আৰু জোৰ হেইচো’ সম্ভৱত: অনাক্ষৰী মানুহৰ মুখত গোৱা এই পৃথিৱীৰ প্ৰথম কবিতা।” পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক,কবি দীপক শৰ্মাই আঁত ধৰা কবি সন্মিলনৰ আদিতে কিৰণ দাস,গাৰ্গী দে, জয়শ্ৰী নাথে যৌথভাৱে বৰগীত পৰিবেশন কৰে।চন্দ্ৰপুৰ সাহিত্য সভাৰ সভাপতি ভূৱনেশ্বৰ ৰাজবংশীয়ে আদৰণি ভাষণ দিয়া কবি সন্মিলনখনি উদ্ধোধন কৰি পদ্মশ্ৰী প্ৰাপক বিশিষ্ট কবি- সাহিত্যিক ড০ ৰোমান শৰ্মাই কয়- কবিতাৰে চেতনা জাগ্ৰত কৰিব পাৰি।সমাজ সংস্কাৰত কবি আৰু কবিতাৰ প্ৰভূত অৰিহণা আছে।অনুশীলন কৰিলে কবিসকলৰ কবিতা উন্নত হ’ব ।অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক ‘সাহিত্য কোঁৱৰ’ কমল কলিতাই বিশিষ্ট অতিথিৰ ভাষণত কবিৰ অন্তৰ বৰ নিৰ্মল-স্বচ্ছ। কবিতাৰে সমাজৰ পৰা গুচাব পাৰে অসূয়া-অপশক্তি বুলি কয়। সভাত বিশিষ্ট কবি, গীতিকাৰ, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া শচীন দাসে সন্মানিত অতিথি হিচাপে অংশ লৈ যি কবিতা, গীত বা অন্যান্য সাহিত্যই খাঁটি খোৱা মানুহৰ কথা কয়, সেই সৃষ্টিৰাজি যুগজয়ী হয় । অনুষ্ঠানত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহই অতিথি হিচাপে অংশ লৈ “মানুহে মানুহৰ বাবে” গীতটি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত পৰিৱেশন কৰে।কবি সন্মিলনত প্ৰশান্ত গগৈ, ৰত্নেশ্বৰ বসুমতাৰী, কনক চন্দ্ৰ ডেকা, যুৱৰাজ কুমাৰ দাস, বিষ্ণুৰাম বড়ো, কবিতা দেৱী, লীনুমা এইচ. হাজৰিকা, মনোৰঞ্জন ওজা, নাৰায়ণ টেৰণ, ৰুণু দাস, জিনুমণি বৰুৱা, ভৱেশ চন্দ্ৰ দত্ত, ৰাজু কুমাৰ বৰুৱা, সাগৰিকা বড়ো দৈমাৰী, ধীৰেণ চন্দ্ৰ বসুমতাৰী, দিপশিখা দাস, নাৰায়ণ টেৰণ প্ৰমুখ্যে দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে । অনুষ্ঠানত বয়োজ্যেষ্ঠ শিল্পী থানেশ্বৰ কলিতা, চন্দ্ৰপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিৰণ্য কুমাৰ ডেকা, গুৱাহাটী মহানগৰ কবি কাননৰ সভাপতি কমলজিৎ কলিতা, বিশিষ্ট কবি হেমন্ত ৰাজবংশী, সমাজসেৱী মহেন্দ্ৰ দাস, বোধিদ্ৰুম জাতীয় বিদ্যালয়ৰ শিক্ষক ধীৰাজ দাস, অৱসৰপ্ৰাপ্ত বেংক বিষয়া অনন্ত কলিতা, জগন্নাথ ৰাজবংশী,ৰঞ্জু পাটৰ, ৰূপালী বৰুৱা,হেমন্ত কলিতাই নিজস্ব অভিমত প্ৰকাশ কৰে ।
সভাৰ সঞ্চালক কিশোৰ কুমাৰ জৈনে কয়- সাহিত্যজগতৰ ধামখুমিয়াৰ মাজত অসমীয়া কবিতাই নিৰ্দিষ্ট ধাৰা এটা প্ৰতিষ্ঠা কৰাতকৈ বিক্ষিপ্তভাৱেহে আগবাঢ়িল।বহু কবিৰ আবিৰ্ভাৱ হ’ল, ই ইতিবাচক কথা।কাব্যচৰ্চা চলিল। কিছুমানৰ বাবে ই এৰাব নোৱৰা বিষয় হৈ পৰিল।বিশ্বায়নৰ প্ৰভাৱৰ পৰাও আজি কবিতা মুক্ত হৈ থকা নাই।শেষত শলাগৰ শৰাই আগবঢ়াই চন্দ্ৰপুৰ সাহিত্য সভাৰ সম্পাদক স্বপন কুমাৰ বড়োই।