শিৱসাগৰ জনজাতি কৃষ্টি সংঘ আৰু নেষ্ট ফাউণ্ডেচনৰ আতিথ্যত আজি সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাখন মঞ্চৰ সভাপতি তথা বিশিষ্ট শিল্পী, চিন্তাবিদ দেৱেন্দ্ৰনাথ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। অসমৰ ভিন-ভিন প্ৰান্তৰ পৰা অহা মঞ্চৰ বিষয়ববীয়া, সদস্য আৰু উপদেষ্টাৰ উপৰিও কেবাগৰাকীও আমন্ত্ৰিত অতিথি আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে। আজিৰ সভাত সৰ্বসন্মতি ক্ৰমে সংগঠনটিৰ নাম “সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসম” ৰ সলনি আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ সংগঠনৰ নাম “জনজাতি সাংস্কৃতিক মহাসভা” ৰখাৰ বাবে সিদ্ধান্ত লোৱা হয়। কাৰ্যনিৰ্বাহক সমিতিৰ সভাৰ লগতে আজি “পৰস্পৰে পৰস্পৰক জানো আহক” শীৰ্ষক আলোচনা সত্ৰৰ দ্বিতীয় পৰ্ব অনুষ্ঠিত হয়। এই আলোচনা সত্ৰখনি উদ্বোধন কৰি বিশিষ্ট সাংস্কৃতিক কৰ্মী কালিকান্ত বড়োৱে কয়- “এটা জনজাতিয়ে আন আন জনজাতিক জনাৰ বাবে অসম জনজাতি সাংস্কৃতিক মহাসভা”ই লোৱা উদ্যোগৰ উচ্চ প্ৰশংসা কৰে। মিছিং জনজাতিৰ বিশিষ্ট শিল্পী গৱেষক ডক্টৰ পৱিত্ৰ কুমাৰ পেগুৰ সঞ্চালনাত হোৱা এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি তিৱা লোক কৃষ্টিৰ সাধক গৱেষক নাদিৰাম দেউৰী, কৃষ্ণ কুমাৰ মেছ আৰু মানজেলাই নিজ নিজ জাতিৰ সাংস্কৃতিক জীৱন,তেখেত সকলৰ সমাজৰ সাংস্কৃতিক উৎসৱ,পূজা পাৰ্বণ আদিৰ বিষয়ে মনোগ্ৰাহী বক্তব্য ৰাখে। উল্লেখযোগ্য যে আজিৰ এই সভাত,অসম চৰকাৰে ২০২৩ বৰ্ষৰ বাবে আগবঢ়োৱা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ”অসম সৌৰভ” বঁটা প্ৰাপক নাদিৰাম দেউৰীক অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ফালৰ পৰা সম্বৰ্ধনা আৰু সন্মান জনোৱা হয়। গাম্ভীয্যপূৰ্ণ এই আলোচনা সত্ৰত গৌৰিভদ্ৰ চিংনেন, ভূৱন চন্দ্ৰ বৰা, শান্তনু মেডক, বসন্ত সোণোৱাল, জীতেন বসুমতাৰী, অৰুণ পাটৰ প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়াই খ্ৰীষ্টফাৰ দেউৰী খটিয়াই।অসম সংগীতৰে সভা সামৰণি কৰে ।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন