পৰিবহণ বিভাগৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হ’ল বিশেষ জনসেৱা পষেক,গৰাকীৰ ঘৰে ঘৰে উপস্থিত হৈ যান-বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা সমাধানৰ ব্যতিক্ৰমী অভিযান । বিশেষ জনসেৱা পষেকৰ আজি আৰম্ভণিৰ দিনাই বাহনৰ বিভিন্ন নথিপত্ৰ সঠিক কৰাৰ ক্ষেত্ৰত সন্মুখিন হোৱা সমস্যাৰ কথা ফোনযোগে অৱগত কৰা মাত্ৰকে ডাউন টাউন হস্পিতাল আৰু খানাপাৰা কৃষি বিশ্ববিদ্যালয়ত বিষয়া-কৰ্মীৰ দল লগত লৈ উপস্থিত হয়গৈ স্বয়ং ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস ৷ডাউন টাউন হাস্পতালৰ অস্তি বিশেষজ্ঞ ডাঃ ইৰাণ ভৰালীৰ চেম্বাৰত উপস্থিত হৈয়ে তেওঁৰ ওজৰ আপত্তি সন্দৰ্ভত পুংখানুপুংখভাৱে জ্ঞাত হৈ তাৎক্ষণিকভাৱে চিকিৎসক গৰাকীৰ বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰি দিয়ে । ইয়াৰ পিছতে উপ-পৰিবহণ আয়ুক্তগৰাকী সদলবলে উপস্থিত হয়গৈ খানাপাৰা কৃষি বিশ্ববিদ্যালয়ৰ চিকিৎসক ডাঃ ৰণজিত নেওগৰ কাৰ্যালয়ত। ডাঃ নেওগৰো একেধৰণৰ সমস্যাৰ সমাধান তথা বাহনৰ নথিপত্ৰ সমূহ সঠিক কৰি বাহনখন ৰাজপথত চলাচলৰ বাবে বৈধ হৈ থকাৰ ব্যৱস্থা কৰে উপ পৰিবহণ আয়ুক্ত গৰাকীয়ে। বাহনৰ গৰাকীৰ কাষত উপস্থিত হৈ ৰাজ্যৰ উপ-পৰিবহণ আয়ুক্ত গৰাকীয়ে এনেদৰে থিতাতে সমস্যা সমাধান কৰি দেখুওৱা ব্যতিক্ৰমী কাৰ্যত স্বাভাৱিকতেই অভিভূত হৈ পৰে বিশিষ্ট চিকিৎসক কেইগৰাকী। তেওঁলোকে পৰিবহণ বিভাগৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইফালে মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰতবৰ্ষৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে পৰিবহণৰ ৫০তকৈয়ো অধিক সেৱা সংস্পৰ্শ ৰ্বিহীনভাবে ঘৰতে বহি উপলব্দ কৰা ব্যৱস্তাৰ বাবেই আজি পৰিবহণ বিভাগে এনে সেৱা আগবঢ়াবলৈ সক্ষম হোৱা বুলি উপ-পৰিবহণ আয়ুক্ত গৌতম দাসে মন্তব্য কৰে ৷
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি