অহা ৭ মেত অনুষ্ঠিত হ’বলগীয়া ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন স্বচ্ছ,নিকা,শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সকলো যাৱতীয় পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষই। নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ সুকলমে পৰিচালনা কৰাৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। উক্ত বৈঠকত কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া সুমিত চাত্তাৱনকে ধৰি সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কেশৱ সিংঘানিয়া,আৰক্ষী পৰ্যবেক্ষক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে ৰঘুৰাম ৰেড্ডী আৰু ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া টি জেমছ সিংছনসহ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী তথা সংশ্লিষ্ট প্ৰতিনিধিসকল উপস্থিত থাকে। সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে সকলো পক্ষক নিৰ্বাচনী আচৰণ বিধি মানি কাম-কাজ কৰিবলৈ তথা কিবা অভিযোগ বা আপত্তি থাকিলে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাবলৈ আহ্বান জনায়। একেদৰে আৰক্ষী পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা সকলো নীতি-নিয়ম মানি নিৰ্বাচনী কাম সম্পাদন কৰাৰ কথা উল্লেখ কৰে। সভাত ব্যয় পৰ্যবেক্ষক গৰাকীয়ে কয় যে নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিজৰ নামত পৃথকে বেংক একাউণ্ট থাকিব লাগিব আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰা ভোটগ্ৰহণৰ দিনটোলৈকে তিনিবাৰ তেওঁলোকৰ একাউণ্ট সমূহ পৰীক্ষা কৰা হ’ব।২৭ এপ্ৰিল,৩০ এপ্ৰিল আৰু ৩ মে’ ত এই পৰীক্ষা কৰা হ’ব। তদুপৰি তেওঁ প্ৰতিটো দল তথা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ,যাতায়ত আদিৰ ব্যয় নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰে।উল্লেখযোগ্য যে নিৰ্বাচনী ব্যয়ৰ সৈতে জড়িত অভিযোগৰ বাবে ব্যয় পৰ্যবেক্ষকৰ মোবাইল নং – ৯৮৬৪২-২২৪১১, সাধাৰণ অভিযোগৰ বাবে সাধাৰণ পৰ্যবেক্ষকৰ মোবাইল নং- ৬০০৩৭-৭৫৬৯৬ আৰু আৰক্ষী পৰ্যবেক্ষকৰ ওচৰত কিবা অভিযোগ দিবলগীয়া থাকিলে মোবাইল নং- ৯৯৮৯০-৯৩৭৬৪ত যোগাযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱা হৈছে। সভাত কামৰূপ মহানগৰ জিলা ৰিটাৰ্ণিং বিষয়া সুমিত চাত্তাৱনে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰিছে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan