ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ

0 364

ঘিলামৰাৰ বৃহৎ লোক সংস্কৃতিৰ মহোৎসৱ  ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তিনিদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে মঙলবাৰৰ আৰম্ভ হৈছে।ঘিলামৰাবাসীৰ উদ্যোগ আৰু পাৰ ভঙা উচাহৰ মাজত  মঙলবাৰে পুৱা কৃষ্টি ভৱন প্ৰাঙ্গন নিকাকৰনেৰে উৎসৱৰ কাৰ্যসূচীৰ  শুভাৰম্ভ কৰা হয়। বতৰৰ অনুকূলতাত উৎসাহী হৈ পৰা হাজাৰ বিজাৰ লোকসংস্কৃতি প্ৰেমীৰ প্ৰাণোচ্ছল উপস্থিতিৰ মাজত মঙলবাৰে প্ৰথম দিনা বিহু সন্মিলনৰ  পতাকা উত্তোলন কৰা হয়।স্থায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা,উদযাপন সমিতিৰ সভাপতি দেৱজিৎ বুঢ়াগোহাঁইয়ে পতাকা উত্তোলন কৰাৰ পাছতে বিহু বাকৰিত গছপুলি ৰোপণ পৰ্ব আৰম্ভ কৰে কাৰ্যকৰী সভাপতি দিলীপ বৰাই।বিহু বাকৰিৰ পৰা ইয়াৰ পাছতে উলিওৱা হয় দৃষ্টিনন্দন লোক সংস্কৃতি সমৃদ্ধ সাংস্কৃতিক শোভাযাত্ৰা।

কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি,স্থায়ী সমিতিৰ সকলো বিষয়ববীয়া,কৰ্মকৰ্তা,ঘিলামৰাৰ অগণন বিহু বলিয়া ৰাইজৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহনেৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সন্মোহিত কৰে দৰ্শকক।

এই  অনুপম সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে লেখক ৰূপম দত্ত আৰু এঞ্জেলা চাংমাইযে ।শোভাযাত্ৰা উদ্বোধন কৰি সংবাদ মাধ্যমক  উদ্বোধক ৰূপক দত্তই ঘিলামৰাবাসীৰ আদৰ,আতিথ্য আৰু সংস্কৃতি অন্যন্য ,অতুলনীয় বুলি কৈ আজীৱন এই বাস্তৱ অভিজ্ঞতা বুকুত কঢ়িয়াই লৈ ফুৰিব বুলি কয়।ঘিলামৰাবাসীৰ এই অনন্য লোক সংস্কৃতিৰ উৎসৱক অনাগত প্ৰজন্মই নিৰন্তৰ ভাবে  অনুষ্ঠিত কৰি ৰখাৰ আহ্বান জনায়।অসমীয়া লোক সংস্কৃতি আৰু লোক সম্পদ আৰু পৰম্পৰাৰ দৃষ্টি আকৰ্ষক প্ৰতীকী উপস্থাপন, থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় বিহু ,গায়ন বায়ন, আয়তী, বিহুৱা বিহুৱতীৰ ছন্দোময় ধ্বনিৰ মাজেৰে সমগ্ৰ ঘিলামৰা নগৰাঞ্চল পৰিভ্ৰমণ কৰি পুনৰ বিহু বাকৰিত শোভাযাত্ৰাৰ সামৰণি মৰা হয়।

বিয়লি অনুষ্ঠিত সৰু বিহুৱতী ,সৰু বিহুৱা আৰু টকা বিহু প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগী দলে অংশগ্ৰহণ কৰে ।
ঢোল পেঁপা গগনা সুতুলিৰ নান্দনিক ধ্বনিত বিধৌত হোৱা ঘিলামৰা কৃষ্টি ভৱনৰ বিহু বাকৰি প্ৰাঙ্গনত অগণন লোক সংস্কৃতিপ্ৰেমীৰ সমাগমে বাঙ্ময় পৰিবেশৰ সূচনা কৰে ।
বৃহস্পতি বাৰে এই তিনিদিনীয়া মহোৎসৱৰ বৰ্ণিল পৰিসমাপ্তি ঘটিব।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.