জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে

0 185

নৱপ্ৰজম্মৰ শিক্ষাৰ্থী সকলৰ মাজত পাঠ্যপুঠিগত শিক্ষাৰ লগতে  সহশিক্ষাৰ জ্ঞানেৰে উদ্ভাসিত কৰাৰ লক্ষ্যৰে এক অনুকৰণীয় কাৰ্যসূচী গ্ৰহণ কৰিলে জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিয়ে। সোমবাৰে বিদ্যালয় প্ৰাঙ্গনত  ‘কুইজিন-দ্য ব্ৰেইন বুফে ‘  শীর্ষক এক  আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়।
ধেমাজি জিলাৰ ৭ খন অগ্ৰণী বিদ্যালয়ৰ বিদ্যাৰ্থী সকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহনেৰে অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাখনৰ  বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ  কৰে নবোদয় বিদ্যালয়ৰ অধ্যক্ষা  অঞ্জনাই।ধেমাজি জিলাত সৰ্বভাৰতীয় পৰ্যায়ৰ উৎকৃষ্ট মানৱ সম্পদ গঢ়াত নিৰবিছিন্ন ভাবে সফলতা অৰ্জন কৰি অহা জৱাহৰ নৱোদয় বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধিক আৰু মনস্তাত্বিক  উৎকৰ্ষ সাধনৰ উদ্দেশ্যৰে আয়োজন কৰা এই প্ৰতিযোগিতাখনত ধেমাজি জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰমে এচ.এফ.এচ,  বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় , গেৰুকামুখ (এন.এচ.পি.চি),কেন্দ্ৰীয় বিদ্যালয়, মাৰ্ডাৰচ প্ৰাইড স্কুল, শংকৰদেৱ বিদ্যা নিকেতন,কিৰণ একাডেমীকে ধৰি আয়োজক বিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিৰ প্ৰতিযোগী দলেও অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী প্ৰতিখন বিদ্যালয়ৰ অষ্টম,নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত মুঠ তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে  এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। চাৰিটা ৰাউণ্ডত সমাপ্ত হোৱা এই কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে অভিজ্ঞ কুইজ মাষ্টাৰ শুভদীপ দত্ত চৌধুৰীযে।
প্ৰতিযোগিতাৰ অন্তত জৱাহৰ নৱোদয় বিদ্যালয় ধেমাজিৰ দলে  প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ধেমাজিৰ দলে ৰানাৰ্ছআপ খিতাপ অর্জন কৰে।প্ৰতিযোগিতাৰ আয়োজক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষাগুৰু ৰিতু মহন্তই প্ৰতিযোগিতাৰ সকলো অংশগ্ৰহণকাৰীৰে বুদ্ধিদীপ্ততাৰ আৰু অধ্যয়নশীলতাৰ শলাগ লয় আৰু সমুজ্জ্বল  শৈক্ষিক ভৱিষ্যত কামনা কৰে।জিলাখনৰ জ্ঞান পিপাসু ভৱিষ্যত প্ৰজন্মধৰ সকলৰ  জ্ঞানগৰ্ভ প্ৰদৰ্শনেৰে উজ্জীৱিত হোৱা এই প্ৰতিযোগিতাৰ সৰ্বশ্রেষ্ঠ  আৰু শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগী দল দুটাৰ উপৰিও সকলো প্ৰতিযোগীকে  বিদ্যালয় কৰ্তৃপক্ষই মানপত্ৰ প্ৰদান কৰে। প্ৰতিযোগিতাৰ আয়োজক জৱাহৰ নবোদয় বিদ্যালয় ধেমাজিৰ অধ্যক্ষা অঞ্জনাই অনুষ্ঠানটো  সাফল্য মণ্ডিত কৰি তোলাৰ বাবে অংশগ্ৰহণকাৰী বিদ্যালয় সমূহৰ  লগতে প্ৰতিযোগী সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.