কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন

0 75

অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অনুসৰি কামৰূপ মহানগৰ নিৰ্বাচন জিলা কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে সকলো কাৰ্যসূচীৰ ৰূপায়ণ অব্যাহত ৰাখিছে । ইয়াৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয় সভাকক্ষত পৃথকে পৃথকে ই ভি এমৰ দ্বিতীয় দিনৰ ৰেণ্ডমাইজেশ্বনৰ আৰু প’লিং বিষয়াসকলৰ ৰেণ্ডমাইজেশ্বন প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। প্ৰথমতে অনুষ্ঠিত কৰা ই ভি এমৰ ৰেণ্ডমাইজেশ্বনত ভাৰতৰ নিৰ্বাচন আয়োগে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষক কেশৱ সিংঘানিয়াৰ লগতে জিলা ৰিটাৰ্ণিং বিষয়া তথা জিলা আযুক্ত সুমিত ছাত্তাৱন, নিৰ্বাচন বিষয়া শেখৰণ ফুকন, ছুইপৰ ন’ডেল বিষয়া ভাস্কৰ পেগু, ই ভি এম কোষৰ ন’ডেল বিষয়া প্ৰিয়াংশু ভৰদ্বাজ, ব্যয় পৰ্যবেক্ষণ কোষৰ ন’ডেল বিষয়া ত্ৰিদিব কোঁৱৰ, মিডিয়া চাৰ্টিফিকেশ্বন আৰু মণিটৰিং কোষৰ ন’ডেল বিষয়া কংকন শৰ্মা আৰু নিৰ্বাচনত অৱতীৰ্ণ প্ৰাৰ্থী তথা প্ৰাৰ্থীৰ প্ৰতিনিধিসকল উপস্থিত থাকে। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা প’লিং বিষয়াসকলৰ ৰেণ্ডমাইজেশ্বন প্ৰক্ৰিয়াত উল্লেখিত বিষয়া সকলৰ লগতে সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা সংশ্লিষ্ট বিষয়া- কৰ্মচাৰী সকল উপস্থিত থাকে। সকলোৰে উপস্থিতিত উভয় কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।
বি.এম/২৪/৪/২৪

Leave A Reply

Your email address will not be published.