অহা ৭ মে’ ত অনুষ্ঠিতব্য ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কেশৱ সিংঘানিয়াৰ সৈতে আজি সুক্ষ্ম পৰ্যবেক্ষকসকলৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। মহানগৰীৰ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এই সভাত গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ বাবে নিয়োগ কৰা সুক্ষ্ম পৰ্যবেক্ষকসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত কামৰূপ মহানগৰ জিলাৰ ৫ টা, কামৰূপ জিলাৰ ৩ টা আৰু গোৱালপাৰা জিলাৰ ২ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে। আজিৰ পৰ্যালোচনা সভাত সাধাৰণ পৰ্যবেক্ষক কেশৱ সিংঘানিয়াই সুক্ষ্ম পৰ্যবেক্ষক সকলক নিৰ্বাচন প্ৰক্ৰিয়াত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে। নিৰ্বাচন আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত নৈতিকতা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰি যাবলৈ সাধাৰণ পৰ্যবেক্ষক গৰাকীয়ে সুক্ষ্ম পৰ্যবেক্ষক সকলক আহ্বান জনায়। সভাত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত অজিত শৰ্মা তথা জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি