জনবিষ্ফোৰণ আৰু অসন্তোলিত জনগাঠঁনি বৃদ্ধিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত শিঘ্ৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণৰ দাবীত জনসংখ্যা সমাধান ফাউণ্ডেচনে (জেএছএফ) যোৱা ১১ বছৰে কৰি অহা আন্দোলনৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰৰ মোদী চৰকাৰে বিষয়টোৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নতুন চৰকাৰ গঠন হোৱাৰ ছয় মাহৰ ভিতৰত এখন উচ্চ স্তৰীয় সমিটি গঠন কৰিব বুলি সন্মতি প্ৰদান কৰে। সংশ্লিষ্ট আইন খন ৰূপায়ণ নোহোৱা পৰ্যন্ত জনসংখ্যা আন্দোলন যাতে পুৰ্ণ গতিত ধাৰাবাহিক ভাবে চলি থাকে, তাৰ বাবে দেশৰ সমূহ প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জনজাগৰণ সৃষ্টি কাৰ্যসূচী গ্ৰহণ আৰু সাংগঠিনিক শক্তিৰ বৃদ্ধিৰ উদ্দেশ্য লৈ, জেএছএফৰ ৰাষ্ট্ৰীয় সভাপতিৰ নেতৃত্বত এটি দলে ২৪ জুন তাৰিখৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য যথাক্ৰমে ছিকিম, অসম, অৰুণাচল, নগালেণ্ড, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ভ্ৰমণ কৰি ২ জুলাই তাৰিখে দিল্লীলৈ উভতি যাব। ৰাষ্ট্ৰীয় দলটোৰ ১০ দিনীয়া ভ্ৰমণ সূচীৰ সমন্বয় আৰু তদাৰকৰ দায়িত্বত আছে জেএছএফৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ মুৰব্বী হৰেন্দ্ৰ বৰা আৰু মহিলা শক্তিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা তথা উত্তৰ পুৰ্বাঞ্চলৰ আহবায়িকা শ্ৰীমতী ৰঞ্জিতা ৰাজ। দেশৰ ঐক্যতা, অখণ্ডতা, শান্তি আৰু প্ৰগতিৰ বাবে সমৰ্পিত জেএছএফৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি দলটোৱে উত্তৰ পুৰ্বাঞ্চলৰ ৰাইজৰ সমৰ্থন আশা কৰিছে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন