জনবিষ্ফোৰণ আৰু অসন্তোলিত জনগাঠঁনি বৃদ্ধিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশত শিঘ্ৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰণয়ন আৰু ৰূপায়ণৰ দাবীত জনসংখ্যা সমাধান ফাউণ্ডেচনে (জেএছএফ) যোৱা ১১ বছৰে কৰি অহা আন্দোলনৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰৰ মোদী চৰকাৰে বিষয়টোৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নতুন চৰকাৰ গঠন হোৱাৰ ছয় মাহৰ ভিতৰত এখন উচ্চ স্তৰীয় সমিটি গঠন কৰিব বুলি সন্মতি প্ৰদান কৰে। সংশ্লিষ্ট আইন খন ৰূপায়ণ নোহোৱা পৰ্যন্ত জনসংখ্যা আন্দোলন যাতে পুৰ্ণ গতিত ধাৰাবাহিক ভাবে চলি থাকে, তাৰ বাবে দেশৰ সমূহ প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জনজাগৰণ সৃষ্টি কাৰ্যসূচী গ্ৰহণ আৰু সাংগঠিনিক শক্তিৰ বৃদ্ধিৰ উদ্দেশ্য লৈ, জেএছএফৰ ৰাষ্ট্ৰীয় সভাপতিৰ নেতৃত্বত এটি দলে ২৪ জুন তাৰিখৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য যথাক্ৰমে ছিকিম, অসম, অৰুণাচল, নগালেণ্ড, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ভ্ৰমণ কৰি ২ জুলাই তাৰিখে দিল্লীলৈ উভতি যাব। ৰাষ্ট্ৰীয় দলটোৰ ১০ দিনীয়া ভ্ৰমণ সূচীৰ সমন্বয় আৰু তদাৰকৰ দায়িত্বত আছে জেএছএফৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ মুৰব্বী হৰেন্দ্ৰ বৰা আৰু মহিলা শক্তিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা তথা উত্তৰ পুৰ্বাঞ্চলৰ আহবায়িকা শ্ৰীমতী ৰঞ্জিতা ৰাজ। দেশৰ ঐক্যতা, অখণ্ডতা, শান্তি আৰু প্ৰগতিৰ বাবে সমৰ্পিত জেএছএফৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি দলটোৱে উত্তৰ পুৰ্বাঞ্চলৰ ৰাইজৰ সমৰ্থন আশা কৰিছে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan