অহা ২৫ আৰু ২৬ জুনত তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কেম্পেইন অনুষ্ঠিত হ’ব। তদুপলক্ষে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাত ডঃ নাথে খণ্ড উন্নয়ন বিষয়া, চক্ৰ বিষয়া, শিক্ষা বিষয়া, সমাজকল্যাণ বিষয়া আদিক খণ্ড, ভিচিডিচি, গাঁও আদি বিভিন্ন পৰ্যায়ত সমিতি গঠন কৰি অসুৰক্ষিত শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰিবলৈ আহ্বান জনায়। বিভিন্ন পৰ্যায়ত এই শিশু তথা পৰিয়ালসমূহক চিনাক্ত কৰাৰ পাছত এই সম্পৰ্কীয় সকলো তথ্য অহা ২৫ আৰু ২৬ জুনত আয়োগৰ প্ৰতিনিধিৰ সন্মুখত দাখিল কৰিবলৈ অতিৰিক্ত আয়ুক্ত ডঃ নাথে বিষয়াসকলক আহ্বান জনায়। আজিৰ সভাত সহকাৰী আয়ুক্ত কবিতা ফাংছ’ৰ উপৰি সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা