ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেৰ মা কে নাম অভিযান আৰম্ভ কৰি আমাৰ পৃথিৱীখন সেউজ কৰি তোলাত সকলোকে অৰিহণা যোগাবলৈ আহ্বান জনায় তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ সকলোকে এজোপা গছ ৰোপণ কৰিবলৈ আহ্বান জনাই নিজৰ মাতৃ ভূমিলৈ শ্ৰদ্ধা জনাবলৈ আহ্বান জনায় ৷গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষে ধৰাপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত মূল্যৱান গছপুলি ৰোপণ কৰি নদী খহনীয়া বন্ধ কৰিবলৈ এক কাৰ্যসূচী আয়োজন কৰে। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শিলিখা গছ এজোপা ৰোপণ কৰি বননীকৰণ কাৰ্যসূচী উদ্বোধন কৰি বিশ্ববিদ্যালয়ৰ এই প্ৰদক্ষেপক প্ৰশংসা কৰি এন এছ এছৰ এই উদাৰ পদক্ষেপৰ বাবে স্বেচ্ছাসেৱক আৰু তাত উপস্থিত থকা সকলোকে পৃথিৱী মাতৃক বচাবলৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।বিশ্ববিদ্যালয়খনৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে এজোপা গছপুলি ৰোপণ কৰি কয় যে :প্ৰধানমন্ত্ৰীৰ পৰিৱেশ ৰক্ষাৰ এই কাৰ্যসূচী এক সময়োপযোগী প্ৰদক্ষেপ আৰম্ভ কৰিছে আৰু সকলোকে এই অভিযানক এক বৃহৎ সফল কৰিবলৈ আহ্বান জনাইছে। এন এছ এছ কাৰ্য্যসূচী বিষয়া আৰু স্বেচ্ছাসেৱকসকলেও ব্ৰহ্মপুত্ৰৰ পাৰত বহুসংখ্যক গছৰ পুলি ৰোপণ কৰে।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ