বৰাক উপত্যকাৰ লগতে দেশৰ বাকী অংশৰ যোগাযোগ ৰক্ষা কৰাৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিবলৈ সাংসদ সুস্মিতা দেৱে বুধবাৰে দিল্লীত কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক লগ ধৰে।তৃণমূল কংগ্ৰেছৰ ৰাজ্য সভাৰ সদস্য দেৱে মন্ত্ৰী গৰাকীৰ হাতত এখন স্মাৰক লিপি প্ৰদান কৰে আৰু দাবী জনায় যে শিলচৰ সৌৰাষ্ট্ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বালাছেৰাৰ পৰা হাৰাঙাজাওৰ ৩১ কিলোমিটাৰ পথৰ মেৰামতি কাম সোনকালে সম্পূৰ্ণ কৰিব লাগে। ইয়াৰ ওপৰিও জোৱাই -বদৰপুৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্থায়ী মেৰামতিৰ বাবে দাবী জনায় ।তেওঁ কয় যে দেশৰ বাকী অংশৰ লগত বৰাক উপত্যকা মিজোৰাম আৰু ত্ৰিপুৰাৰ জীৱন ৰেখা হিচাপে চিহ্নিত এই ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্থায়ী মেৰামতৰ প্ৰয়োজন।বিকল্প পথ হিচাপে হাৰাঙাজাও- তুৰুক পথৰ নিৰ্মাণ কৰা উচিত বুলি তেওঁ স্মাৰক লিপিত উল্লেখ কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন