অসম চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পৰ্যালোচনা চলায়। সভাত মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাৰ বহা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত বেদখল সম্পৰ্কীয় বিতং তথ্য দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগক যুটীয়াভাৱে প্ৰয়োজনীয় জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে। লগতে জলাশয়সমূহ যাতে কোনো কাৰণতে কোনেও বেদখল কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। সভাত শ্ৰী পাটোৱাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ অধীনত চলিত বৰ্ষত মৰিগাঁও জিলাত গছপুলি ৰোপণৰ বাবে অব্যাহত থকা পঞ্জীয়নৰ সবিশেষ বুজ লয়। মৰিগাঁও জিলাত এইবছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত প্ৰায় ৭ লাখ গছপুলি ৰোপনৰ লক্ষ্য লোৱা হৈছে। সভাত মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় যে নেলী, দেওশাল আৰু মিকিৰভেটাত থকা বন বিভাগৰ নাৰ্চাৰীত পৰ্যাপ্ত গছপুলি মজুত আছে। মন্ত্ৰীগৰাকীয়ে এক সেউজ অৰ্থনীতি গঢ় দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যোৱা বছৰ অমৃত বৃক্ষ আন্দোলনৰ অধীনত ১০ টাকৈ বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত ৰাজ্যখনৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সৰ্বাধিক অৱদান আছিল। এইবছৰ মহিলাসকলৰ প্ৰচেষ্টাতে আৰু অধিক অভিলেখ গঢ় দিয়াৰ লগতে ৰাজ্যখনত এটা সেউজ পৰিৱেশ গঢ় দিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰ এদিনত ১ কোটি ১২ লাখ গছপুলি ৰোপণ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবছৰ ৩ কোটি গছপুলি ৰোপণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে অমৃত বৃক্ষ আন্দোলনৰ অধীনত এইবাৰ ৩ কোটি গছপুলি ৰোপণ কৰা হ’ব। ইয়াৰ উপৰি কেম্পাকে ধৰি বন বিভাগৰ বিভিন্ন আঁচনি, বিশ্ব পৰিৱেশ দিৱস আদিত প্ৰায় ১ কোটি গছপুলি ৰোপণ কৰা হ’ব। অৰ্থাৎ এই বছৰ অসমত প্ৰায় ৪ কোটি গছপুলি ৰোপণ কৰা হ’ব বুলি তেওঁ কয়। সভাত জিলা আয়ুক্তগৰাকীয়ে মৰিগাঁও জিলাৰ চাৰণ বিলৰ পাৰত গছপুলি ৰোপণৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰায়। শ্ৰী পাটোৱাৰীয়ে চাৰণ বিলৰ লগতে মৰাকলঙৰ পাৰতো গছপুলি ৰোপনৰ বাবে ব্যৱস্থা ল’বলৈ আহ্বান জনায়। উল্লেখ্য যে অহা ৩১ জুলাইৰ ভিতৰত অমৃত বৃক্ষ আন্দোলনৰ অধীনত আত্মসহায়ক গোট, চাহ বাগিচা, শিক্ষানুষ্ঠান, আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানে পঞ্জীয়ন কৰিব লাগিব। ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত গছপুলিসমূহ ৰোপণ কৰা হ’ব। আজিৰ সভাত অসম চৰকাৰৰ সচিব আদিল খান, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক ডঃ সত্যেন্দ্ৰ সিং, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী, প্ৰাঞ্জল বৰুৱা, বিমান দাস আৰু সুলক্ষণা বৰপাত্ৰগোহাঁই, মাণ্ডলিক বন বিষয়া সুহাছ কদম আৰু বন বিভাগ তথা অন্যান্য কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল।
Trending
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures