যাত্ৰা জগতৰ অন্যতম যাত্ৰদল নাট্যদল যুগান্তৰে বিগত দহটা বৰ্ষ সফলতাৰে অতিক্ৰম কৰি ৰাইজৰ আশীষ তথা সাদৰ মৰমৰ ফলস্বৰূপে এইবেলি ২০২৪-২৫ নাট্যবৰ্ষৰ ব্যয়বহুল প্ৰযোজনাৰে একাদশ বৰ্ষৰ বলিষ্ঠ পদক্ষেপ হিচাপে সামাজিক আৰু ধৰ্মমূলক দুখনকৈ নাট লৈ আজি নাট্যদল যুগান্তৰৰ শুভ-নাট্যাৰম্ভ কৰা হয়। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ জটীয়া (জজি)ত প্ৰাণ পাই উঠা অসমৰ আগশাৰীৰ যাত্ৰাদল নাট্যদল যুগান্তৰত এইবেলি জয়ন্ত ঠাকুৰীয়াৰ ৰচনা আৰু পৰিচালনাৰে সমাজৰ প্ৰতিজন ব্যক্তিয়ে উপভোগ কৰিব পৰাকৈ বিভিন্ন কাৰিকৰী কৌশল তথা শৃংখলাবদ্ধভাৱে ৰাইজৰ মাজলৈ ‘মাজ নিশাৰ চিঞৰ’ আৰু একেগৰাকী নাট্যকাৰৰে অভিযোজনাৰে ধৰ্মমূলক নাট ‘মায়াশক্তি’ দৰ্শকে উপভোগ কৰিব পাৰিব। যুগান্তৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত নাট উন্মোচনী সভাত নাট উন্মোচক হিচাপে উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক তৰুণ কলিতাই ‘মায়াশক্তি’ আৰু জ্যেষ্ঠ সাংবাদিক, নাট্যকাৰ তথা বিষ্ণু জ্যোতি নাট্য গোষ্ঠীৰ প্ৰযোজক বিপুল দাসে ‘ মাজ নিশাৰ চিঞৰ’ শীৰ্ষক নাট উন্মোচন কৰে। লগতে আখৰা গৃহ মুকলি কৰে সাংস্কৃতিককৰ্মী নিলমণি তালুকদাৰে আৰু নাৰিকল ভাঙে শুভকাংক্ষী সূৰ্য্যকান্ত দাসে। উক্ত নাট শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে শুভকাংশী কুশল বৰুৱা, ডিম্বে মেধী, ৰঘুৰাম দাস সহিতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। দুয়োখন নাটেই ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী নাট্যদলটোৰ প্ৰযোজক মনোজ দাস, ব্যৱস্থাপক বিমল মজুমদাৰ, সম্পাদক জয়ন্ত দাস আৰু পৰিকল্পক দিবাকৰ দাসে। নাট্যদলটোৰ সংগীতৰ দায়িত্বত থাকিব সংগীত শিল্পী মনোজ দাস সহ নাট্যদল যুগান্তৰৰ পৰিয়ালবৰ্গই।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন