অহা ১৫, ২৯ ছেপ্টেম্বৰ আৰু ২৭ অক্তোবৰত অনুষ্ঠিত হ’বলগীয়া “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ (ADRE, 2024) সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত চেণ্টাৰ ইনচাৰ্জ আৰু ছুপাৰভাইজিং অফিচাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। তামুলপুৰ জিলাৰ বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া তথা শিক্ষকসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলৰ কাম কেনে হ’ব,সেই সম্পৰ্কে সকলোকে সুন্দৰকৈ বুজাই দিয়াৰ লগতে বিষয়াসকলৰ পৰা বিভিন্ন সুবিধা-অসুবিধা সম্পৰ্কেও জানিব বিচাৰে। তেওঁ পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলোকে আহ্বান জনায়। পৰীক্ষাসমূহ ২৯টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে এইবাৰৰ পৰীক্ষাত ১৬,৩৩১গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। তামুলপুৰ জিলাৰ উপৰি আন জিলাৰ পৰীক্ষাৰ্থীয়েও পৰীক্ষাত অৱতীৰ্ণ হ’ব।আজিৰ কাৰ্যসূচীত অতিৰিক্ত আয়ুক্তদ্বয় লখিমী দত্ত আৰু হেমাশ্ৰী খনিকৰ তথা সহকাৰী আয়ুক্ত অৰুণিমা কাকতি আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ