অহা ১৫, ২৯ ছেপ্টেম্বৰ আৰু ২৭ অক্তোবৰত অনুষ্ঠিত হ’বলগীয়া “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ২০২৪ (ADRE, 2024) সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত চেণ্টাৰ ইনচাৰ্জ আৰু ছুপাৰভাইজিং অফিচাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। তামুলপুৰ জিলাৰ বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া তথা শিক্ষকসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে বিষয়াসকলৰ কাম কেনে হ’ব,সেই সম্পৰ্কে সকলোকে সুন্দৰকৈ বুজাই দিয়াৰ লগতে বিষয়াসকলৰ পৰা বিভিন্ন সুবিধা-অসুবিধা সম্পৰ্কেও জানিব বিচাৰে। তেওঁ পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলোকে আহ্বান জনায়। পৰীক্ষাসমূহ ২৯টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে এইবাৰৰ পৰীক্ষাত ১৬,৩৩১গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। তামুলপুৰ জিলাৰ উপৰি আন জিলাৰ পৰীক্ষাৰ্থীয়েও পৰীক্ষাত অৱতীৰ্ণ হ’ব।আজিৰ কাৰ্যসূচীত অতিৰিক্ত আয়ুক্তদ্বয় লখিমী দত্ত আৰু হেমাশ্ৰী খনিকৰ তথা সহকাৰী আয়ুক্ত অৰুণিমা কাকতি আদি উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন