গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিষ্ঠান চমুকৈ আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখার্জীক শেহতীয়াকৈ ভাৰতবৰ্ষৰ দুটাকৈ ৰাষ্ট্ৰীয় অনুষ্ঠান ক্রমে- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বায়ত্ব শাসিত প্রতিস্থানৰ অন্তৰ্গত ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান সংস্থা (এন এএম এছ) আৰু ভাৰত চৰকাৰৰ বিজ্ঞান প্রযুক্তিবিদ্যা বিভাগৰ এক স্বায়ত্ব শাসিত প্রতিষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ (এন এ এছ আই)ৰ সন্মানীয় সদস্য হিচাপে নির্বাচিত কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান সংস্থা হৈছে এক অনন্য প্রতিষ্ঠান যিয়ে চিকিৎসা আৰু সামাজিক লক্ষ্য পুৰণ কৰিবলৈ শৈক্ষিক উৎকর্ষতাক প্রাধান্য প্রদান কৰে। আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বিজ্ঞান সংস্থা। জানিব পৰা মতে সংস্থা দুটাৰ আগন্তক বছৰেকীয়া সভাত অধ্যাপক মুখার্জীক আনুষ্ঠানিকভাৱে এই সংস্থাদ্বয়ৰ সন্মানীয় সদস্য হিচাপে অর্ন্তভুক্ত কৰা হ’ব। অধ্যাপক মুখার্জীয়ে যোৱা ৩০ বছৰ ধৰি জৈৱ ৰাসায়নিক,প্রটিঅ’মিক বিশ্লেষণ, বিষধৰ সাপ আৰু বিছাৰ ওপৰত বিভিন্ন ধৰণৰ গবেষণা কৰি আহিছে আৰু ভাৰতবৰ্ষৰ বিজ্ঞান ক্ষেত্ৰখনৰ লগতে সমাজৰ যথেষ্ট উৎকর্ষ সাধন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ বিষাক্ত সর্প দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত অধ্যাপক মুখার্জীয়ে গোটেই এচিয়া মহাদেশতে সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।ইয়াৰোপৰি অধ্যাপক মুর্খার্জীয়ে প্রাকৃতিক সম্পদৰ গৱেষণাৰ দ্বাৰা ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ফলপ্ৰসু সফলতা অর্জন কৰিছে । অধ্যাপক মুখার্জীয়ে তেওঁৰ গুৰুত্বপূৰ্ণ গবেষণাৰ স্বীকৃতি স্বৰূপে কলকতা বিশ্ববিদ্যালয়ৰ পৰা জৈৱ প্রযুক্তি বিষয়ত ডক্তৰ অৱ চায়েন্স (ডি এছ চি) ২০১৮ চনৰ মৌলিক আৰু প্রায়োগিক বিজ্ঞান গবেষণাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ৰাষ্ট্ৰীয় সন্মান, ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ পৰা ২০১৭-২০১৮ চনৰ টাটা উদ্ভাৱন সন্মান, অনুন্নত এলেকা ২০১৭ চনৰ জৈৱ চিকিৎসা গবেষণাৰ বাবে ভাৰতীয় চিকিৎসা গৱেষণা বঁটা, আই এন এছ এ শিক্ষক বঁটাৰে সন্মানীত হৈছে। ইয়াৰোপৰি অধ্যাপক মুখার্জী ভাৰতীয় বিজ্ঞান একাডেমী, ৰয়েল চছাইটি অৱ বায়লজী আৰু পশ্চিমবংগৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা একাডেমীৰ এজন সন্মানীয় সদস্য হিচাবে নির্বাচিত ব্যক্তি। তেওঁ ১৭৫ খনতকৈওঁ অধিক গবেষণা পত্ৰ আৰু গ্ৰন্থ প্ৰকাশ কৰাৰ উপৰিওঁ তেওঁ গৱেষণাৰ ভালেসংখ্যক মান ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পেটেন্ট লাভ কৰিছে আৰু কিছুসংখ্যক পেটেন্টৰ যাবতীয় অনুমোদনৰ বাবে আবেদন কৰিছে।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন