কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
কেন্দ্রীয় চৰকাৰৰ গ্রামোন্নয়ন মন্ত্ৰালয় আৰু অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৪০ জনীয়া বিষয়াই আজি মৰিগাঁও জিলাৰ বিভিন্ন পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালছোৱাত দলটোৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধীকাৰীৰ সৈতেও মত বিনিময় কৰে। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল (ৰুৰেল হাউচিং) গয়া প্রসাদ, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জল্লীও এই প্ৰতিনিধি দলৰ সৈতে উপস্থিত থাকে। ৪০ জনীয়া দলটোৱে মুঠ ৫ দলত বিভক্ত হৈ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত মায়ং, ঝাৰগাঁও, মনহা, ভকতগাঁও আৰু বাঘজাপ পঞ্চায়ত আৰু ভূৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত বঘৰা পঞ্চায়তৰ কেইবাটাও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন কৰে । ইয়াৰ পিচতে দলটোয়ে পবিতৰা অভয়াৰণ্যত জীপ ছাফাৰী কৰে। সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে মায়ঙৰ এক ৰিজ’ৰ্টত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো উপভোগ কৰে। এই সাংস্কৃতিক অনুষ্ঠানত মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মাও উপস্থিত থাকে। এই পৰিদৰ্শনৰ সময়ত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জীৱ কুমাৰ বৰুৱাৰ লগতে মৰিগাঁও জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সংগ দিয়ে।