সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। মহাভাৰতৰ যুদ্ধত সঞ্জয়ে যি ভূমিকা পালন কৰিছিল আজিৰ সংবাদ মাধ্যমেও বিভিন্ন ঘাট – প্ৰতিঘাটৰ মাজেৰে সেই একেই ভূমিকা পালন কৰি আহিছে। এই মন্তব্য বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা আদানি গ্ৰুপৰ গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডৰ ( জি আই এ এল ) মানৱ সম্পদ উন্নয়ন বিভাগৰ দায়িত্ববাহী অভিষেক কুমাৰৰ। ১১ ডিচেম্বৰত জি আই এ এলৰ সভাগৃহত অনুষ্ঠিত সাংবাদিকৰে সৈতে হোৱা এক মত – বিনিময় অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে অভিষেক কুমাৰে। অনুষ্ঠানত অভিষেক কুমাৰে কয় – গুৱাহাটী বিমানবন্দৰটো উত্তৰ পূবৰ এটা প্ৰধান বিমানবন্দৰ। অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যকেইখনলৈ বাহিৰৰ পৰা অহা দেশী – বিদেশী পৰ্যটকৰ বেছিভাগেই গুৱাহাটী বিমানবন্দৰ হৈ অহা – যোৱা কৰে। কাজেই ই উত্তৰ পূবৰ এক দাপোন স্বৰূপ হিচাপেও পৰিগণিত হৈ আহিছে। দিনক দিনে বৃদ্ধি হোৱা যাত্ৰীৰ বৰ্দ্ধিত সংখ্যাৰ প্রতি লক্ষ্য ৰাখি সম্প্ৰতি নতুন টাৰ্মিনেল ভৱনৰ নিৰ্মাণকাৰ্য চলি আছে। সেই টাৰ্মিনেল ভৱনটোত ভিতৰে – বাহিৰে অসমকে ধৰি উত্তৰ পূবৰ জাতি – জনগোষ্ঠী সমূহৰ কৃষ্টি – সংস্কৃতি , লোককলা, লোকশিল্প আদি প্ৰতিফলিত কৰা হব। যাতে বাহিৰৰ পৰা অহা এজন লোকে অসমসহ উত্তৰ পূবৰ বিষয়ে এক সম্যক ধাৰণা লব পাৰে। সংবাদ মাধ্যমে যাতে এই দিশত এক ইতিবাচক ভূমিকা পালন কৰে তাৰ বাবেও অভিষেক কুমাৰে আহ্বান জনায়। আনহাতে জি আই এ এলৰ গণমাধ্যম আৰু জনসম্পৰ্ক ৰক্ষী বিষয়া জ্যোতিষ্ণা শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত kstjshahi বিষয়া নীল কুমাৰ সিনহা ( মানৱ সম্পদ) উপস্থিত আছিল।
Trending
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান
- অসমৰ কৰ্কট ৰোগীক সকাহ দিয়াৰ লক্ষ্যৰে মুম্বাইত অসমীয়া আৰু মহাৰাষ্ট্ৰৰ শিল্পী, সাহিত্যিকৰ সমন্বয় সভা – সাংস্কৃতিক অনুষ্ঠান সম্পন্ন