অসমৰ নৃগোষ্ঠীয় কলা-সংস্কৃতিৰ মানচিত্ৰণৰ বাবে ৰাজ্যৰ ১২খন বিশ্ববিদ্যালয়ৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বুজাবুজিৰ চুক্তি সম্পন্ন

0 28

ৰাজ্যৰ প্ৰতিটো নৃগোষ্ঠীৰ কলা-সংস্কৃতিৰ সমল সমূহৰ মানচিত্র প্ৰস্তুত কৰাৰ বাবে* *সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে ৰূপায়ণ কৰিবলৈ লোৱা প্ৰকল্পটো বাস্তৱায়িত কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১২খন বিশ্ববিদ্যালয়ৰে বুজাবুজিৰ চুক্তি সম্পাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যেগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজিএইদৰে কয়।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভাষাতত্ত্ববিদ ড০বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি সাংস্কৃতিক মন্ত্ৰী বড়াই আজিৰ দিনটো অসমৰ সাংস্কৃতিক ইতিহাসৰ এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰি কয় যে ৰাজ্যৰ ১২খনকৈ বিশ্ববিদ্যালয়ে অসমৰ জাতি জনগোষ্ঠী সমূহৰ কলা-সংস্কৃতিৰ এখন মানচিত্ৰ প্ৰস্তুতিৰ কাম কৰিব।
ই আমাৰ নৃগোষ্ঠীয় লোক সকলৰ পৰম্পৰা,ৰীতি-নীতি আদি অনাগত দিনলৈ কঢ়িয়াই নিয়াত সহায় কৰিব বুলিও মন্ত্ৰী বড়াই তেওঁৰ ভাষণত কয়।

শেহতীয়া ভাৱে ৰাজ্যৰ বাহিৰত মুগাৰ মেখেলা চাদৰৰ চাহিদা বৃদ্ধি পোৱা বুলি শুৱালকুছিৰ এগৰাকী বস্ত্ৰ ব্যৱসায়ীয়ে জনোৱাৰ কথা উল্লেখ কৰি সাংস্কৃতিক মন্ত্রী গৰাকীয়ে বিশ্ব অভিলেখ সৃষ্টি কাৰী বিহুনাচ সমগ্ৰ পৃথিৱীয়ে প্ৰত্যক্ষ কৰাৰ পাছত এনেকুৱা হোৱা বুলি প্ৰসংগ ক্ৰমে ব্যক্ত কৰে।

সাংস্কৃতিক মন্ত্রী বড়াৰ উপস্হিতিত এই বুজাবুজিৰ চুক্তি সম্পাদনৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাজ্যৰ জনগোষ্ঠী সমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰণৰ উদ্দেশ্য সন্দৰ্ভত বাখ্যা আগবঢ়ায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে উপযুক্ত সংৰক্ষণৰ অভাৱত প্ৰকৃতি যিদৰে নাইকিয়া হৈ গৈছে, আমি যদি এতিয়াই ব্যৱস্হা নলও তেতিয়া আমাৰ কলা-সংস্কৃতিও এদিন হেৰাই যাব বুলি কয়। কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি জিতুল সোণোৱালও অনুষ্ঠানত শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে।

অসমৰ বিভিন্ন জাতি- জনগোষ্ঠী সমূহৰ পৰম্পৰাগত ঐতিহ্য, ৰীতি- নীতি সমূহৰ নিখুত তথ্য লিখিত তথা দৃশ্য শ্ৰব্য মাধ্যমত সংৰক্ষণৰ জৰিয়তে এক তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰি ভবিষ্যতলৈ সংৰক্ষণ কৰাৰ বাবে অসমত বসবাস কৰা নৃগোষ্ঠীয় জনগোষ্ঠী সমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰ প্ৰস্তুতিৰ প্ৰকল্প হাতত লোৱা হৈছে।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি হেমন্ত কুমাৰ নাথ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ পৰমানন্দ সণোৱাল,তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক কৈলাশ চন্দ্র বিশ্বাল,অসম বিশ্ববিদ্যালয়, শিলচৰৰহৈ অধ্যাপক পিযুষ পাণ্ডে, কটন বিশ্ববিদ্যালয়ৰহৈ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰহৈ পঞ্জীয়ক ড০ এছ বসুমতাৰী,’শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয়ৰহৈ পঞ্জীয়ক অধ্যাপক ক্ষীৰপদ দত্ত, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰহৈ ডিন অধ্যাপক উৎপল দত্ত, মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰহৈ পঞ্জীয়ক ড০ বিচিত্ৰ বিকাশ,ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰহৈ পঞ্জীয়ক ড০ দিগন্ত মুঞ্চী আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰহৈ বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ স্মৃতি কুমাৰ সিংহই কলা-সংস্কৃতিৰ মানচিত্ৰণ প্ৰকল্প ৰূপায়ণ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৈতে আজি বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰে।কলাক্ষেত্ৰ সমাজৰ হৈ চুক্তিত স্বাক্ষৰ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে।উল্লেখ্য যে মাজুলীৰ সাংস্কৃতি বিশ্ববিদ্যালয়ে পৰৱৰ্ত্তী সময়ত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।

Leave A Reply

Your email address will not be published.