গুৱাহাটীৰ পশ্চিম বৰাগাঁৱস্থিত ইনটিটিউট অৱ এডভান্সড ষ্টাডি ইন চায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টিৰ উদ্যোগত ১৩ আৰু ১৪ ডিচেম্বৰত “পলিমাৰ আৰু উন্নত কার্যকৰী সামগ্রী”ৰ ওপৰত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন( এন চি পি এ এফ এম ২০২৪ ) প্ৰতিষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই সন্মিলনৰ উদ্দেশ্য হৈছে পলিমাৰ বিজ্ঞানৰ শেহতীয়া অগ্রগতি সমূহ অন্বেষণ কৰি বিজ্ঞানী, গৱেষক, শৈক্ষিক বিদ সকলক শৈক্ষিক আৰু পেছাদাৰী জ্ঞান বৃদ্ধি কৰা আৰু পালিমাৰ বিজ্ঞান, উন্নত কার্যকৰী সামগ্রী আৰু ইয়াৰ প্রয়োগৰ মাজত তেওঁলোকৰ ধাৰণা, চিন্তা আৰু পৰীক্ষামূলক ফলাফলৰ আদান-প্রদান আৰু উদ্ভাবনী প্রযুক্তিগত পৰিৱর্তনক অনুঘটক হিচাপে ব্যৱহাৰৰ বাবে লক্ষ্য স্থিৰ কৰা। এই সন্মিলনত শেহতীয়া পলিমাৰ আৰু উন্নত কার্যকৰী সামগ্রী সমূহৰ ওপৰত আলোকপাত কৰা হয়। বন্তি প্রজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক নীলোৎপল সেন শর্মাই। সন্মিলনত পলিমাৰ নেন’ কম্পোজিট পদার্থকে ধৰি ইয়াক প্রাথমিক ক্ষেত্র সমূহ যেনে:- কোমল ঘনীভূত পদার্থ আৰু জৈবিক পদার্থ, আশোকীয়, বৈদ্যুতিক, গাঁথনি গত আৰু চুম্বকীয় পদার্থ, আই, আৱৰণ আৰু পাতল ফিল্ম, অপ্টোইলেকট্রনিক আৰু শক্তি প্রয়োগৰ বাবে সামগ্রী আৰু যন্ত্র আদিৰ বিষয়ত আলোচনা কৰা হয়। সন্মিলনত দেশৰ বিভিন্ন প্রান্তৰ লগতে বিদেশৰ কিছু সংখ্যক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেইবাগৰাকী ৰসায়ন বিজ্ঞান আৰু পলিমাৰ বিজ্ঞান বিষয়ক বিশেষজ্ঞ ক্রমে – অধ্যাপক নাৰায়ণ প্রধান , অধ্যাপক বিমল কাটিয়াৰ, অধ্যাপক অবুন কুমাৰ নন্দী, অধ্যাপক প্রীতম দেৱ, ডঃ বিনয় কুমাৰ শইকীয়া, ড০ বিনয় কুমাৰ শইকীয়া, অধ্যাপক শশাংক ডেকা, অধ্যাপক অয়ন ভট্টাচাৰ্য , অধ্যাপক উৎপল বৰা, অধ্যাপক দেবাশীষ চৌধুৰীয়ে বক্তৃতা প্রদান কৰাৰ লগতে পাৱাৰ পইন্ট প্ৰেজেন্টেচন আগবঢ়ায়। সন্মিলনত কেবাখনো গবেষণামূলক পুস্তিকা উন্মোচন কৰা হয়।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ