ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি মহাৰাষ্ট্রৰ পুণেত যোৱা ১৭ ফেব্রুৱাৰীৰ পৰা অনুষ্ঠিত চতুৰ্দশ সংখ্যক ক্ৰীড়া প্ৰতিযোগিতাৰ ২০ ফেব্ৰুৱাৰীত সফল সামৰণি পৰে । প্রতিযোগিতাত বতৰ বিজ্ঞান বিভাগৰ ছয়টা আঞ্চলিক কেন্দ্র ক্ৰমে, গুৱাহাটী, কলকাতা, দিল্লী, মুম্বাই, চেন্নাই, আৰু নাগপুৰৰ বিভিন্ন প্রতিযোগিয়ে ভাগ লোৱাৰ উপৰিও ভাৰত চৰকাৰৰ পৃথিৱী বিজ্ঞান বিভাগ , বিজ্ঞান আৰু প্রযুক্তি বিভাগ, জৰীপ বিভাগ, বিজ্ঞান শিক্ষা আৰু গৱেষণা বিভাগ আৰু বৈজ্ঞানীক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ প্ৰায় ৫০০ জন প্ৰতিযোগীয়ে অংশগ্রহণ কৰে। প্রতিযোগিতাত গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ পৰা পুৰুষ আৰু মহিলা শাখাত মুঠ ৩০ জন প্রতিযোগিয়ে কেৰম, ভলীবল, টেবুল টেনিচ , ক্ৰিকেট আৰু বেডমিন্টনত অংশগ্রহণ কৰে । তাৰ ভিতৰত গুৱাহাটীৰ দলটোৱে ক্ৰিকেটৰ ফাইনেলত দিল্লীৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান কাৰ্যালয়ৰ দলটোক পৰাজিত কৰি শ্রেষ্ঠ বিজয়ীৰ সন্মান লাভ কৰে । টছত জিকি প্রথমে বেট ধৰিবলৈ সিদ্ধান্ত লোৱা গুৱাহাটীৰ দলটোৱে ১৮ অভাৰত ৮ উইকেট হেৰুৱাই ১৪০ ৰাণ কৰে। প্রত্যুত্তৰত দিল্লীৰ দলটোৱে ১৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০৬ ৰাণ কৰিবলৈহে সক্ষম হয় ।আনহাতে জয়লাভ কৰাৰ পাছত গুৱাহাটীৰ বিজয়ী দলটোক বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রৰ মুৰব্বী কে এন মোহনে শুভেচ্ছা জ্ঞাপন কৰি এই বিষয়ত গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সমূহ বিষয়া,কৰ্মচাৰী আৰু বিজ্ঞানীয়ে গৌৰৱ বোধ কৰিছে বুলি সদৰি কৰিছে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা