পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩২ নম্বৰ ধাৰাপুৰ গাঁও পঞ্চায়তত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুজিৰে নিৰ্মাণ কৰা কেবাটাও প্ৰকল্প উদ্ধোধন কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত প্ৰকল্প কেইটা উদ্ধোধন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। প্ৰকল্প কেইটা হল ক্ৰমে – ধাৰাপুৰ ধোপৰতল বুঢ়াগোঁহাই নামঘৰৰ সভাগৃহ, ধোপৰতল বালাপাৰা নামঘৰ পথ, ধাৰাপুৰ – কোচপাৰা উপপথ, ধাৰাপুৰ মজলী অংগনৱাড়ী কেন্দ্ৰ, নতুনবস্তিৰ পৰা ৰমজান আলীৰ গৃহ সংযোগী পথ। আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পকেইটা মুকলি হোৱা বাবে নিৰ্মাণ কাৰ্যৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰি সমষ্টিটোৰ সৰ্বাংগীন বিকাশেই তেওঁৰ মূল লক্ষ্য বুলি ব্যক্ত কৰে আৰু অহা এটা বছৰৰ ভিতৰত বাকী থকা কামখিনী সম্পন্ন কৰা হব সদৰি কৰে। অনুষ্ঠানত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰী, নিৰীক্ষণ কমিটীৰ সদস্যদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা , ধাৰাপুৰ গাঁও পঞ্চায়তৰ সচিব চফিক আলী মিৰ্জা, ধাৰাপুৰ লাটৰ চৰকাৰী গাঁওবুঢ়া ধৰ্মকান্ত কলিতা, সমাজকৰ্মী ধনেশ্বৰ কলিতা, ভূপেন কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা