পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩২ নম্বৰ ধাৰাপুৰ গাঁও পঞ্চায়তত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুজিৰে নিৰ্মাণ কৰা কেবাটাও প্ৰকল্প উদ্ধোধন কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত প্ৰকল্প কেইটা উদ্ধোধন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। প্ৰকল্প কেইটা হল ক্ৰমে – ধাৰাপুৰ ধোপৰতল বুঢ়াগোঁহাই নামঘৰৰ সভাগৃহ, ধোপৰতল বালাপাৰা নামঘৰ পথ, ধাৰাপুৰ – কোচপাৰা উপপথ, ধাৰাপুৰ মজলী অংগনৱাড়ী কেন্দ্ৰ, নতুনবস্তিৰ পৰা ৰমজান আলীৰ গৃহ সংযোগী পথ। আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পকেইটা মুকলি হোৱা বাবে নিৰ্মাণ কাৰ্যৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰি সমষ্টিটোৰ সৰ্বাংগীন বিকাশেই তেওঁৰ মূল লক্ষ্য বুলি ব্যক্ত কৰে আৰু অহা এটা বছৰৰ ভিতৰত বাকী থকা কামখিনী সম্পন্ন কৰা হব সদৰি কৰে। অনুষ্ঠানত ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰী, নিৰীক্ষণ কমিটীৰ সদস্যদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা , ধাৰাপুৰ গাঁও পঞ্চায়তৰ সচিব চফিক আলী মিৰ্জা, ধাৰাপুৰ লাটৰ চৰকাৰী গাঁওবুঢ়া ধৰ্মকান্ত কলিতা, সমাজকৰ্মী ধনেশ্বৰ কলিতা, ভূপেন কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত