যানবাহনৰ চালক-গৰাকীৰ সুবিধাৰ্থে বাহনৰ নথিপত্ৰ নৱীকৰণ, কৰ পৰিশোধকে ধৰি সকলো ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ কাৰণে ৩০,৩১মাৰ্চৰ বন্ধৰ দিনতো খোলা থাকিব কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়। দুয়োটা দিনতে বাহনৰ চালকে নিজৰ অনুজ্ঞাপত্ৰখন সঠিক কৰি লোৱাকে ধৰি ব্যক্তিগত-বাণিজ্যিক সকলো বাহনৰ গৰাকী, প্ৰতিষ্ঠানে কৰ পৰিশোধ, বাহনৰ যাৱতীয় নথিপত্ৰ নৱীকৰণ আদিৰ কাম সম্পন্ন কৰিব পাৰিব। আগন্তুক দিনত ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ বাবে বাহনৰ গৰাকী-প্ৰতিষ্ঠানে নিজৰ নিজৰ বাহনসমূহ বৈধ কৰি ৰখাৰ উদ্যেশেই এই ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। চলিত বিত্তীয় বৰ্ষৰ অন্তিম দুটা দিনত তেওঁ সকলো শ্ৰেণীৰ বাহনৰ গৰাকীকে যাৱতীয় কৰ-কাটলসমূহ আদায় দি নথি-পত্ৰসমূহ সঠিক কৰি লবলৈ কাতৰে আহ্বান জনাই। পথত চলাচলৰ বাবে নথি-পত্ৰসমূহেই যান-বাহনৰ প্ৰধান সাৰথি বুলি উল্লেখ কৰি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন