ৰঙালী বিহুলৈ এপষেক বাকী থকা অৱস্থাত ঢোলৰ চেও, পেঁপাৰ বুলনিত ৰজনজনাই উঠিছে নাৰায়পুৰস্থিত মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰাংগন । বিহু নাম, বিহু নাচ, ঢোলবাদন, পেঁপাবাদন আদি বিভিন্ন শিতান সামৰি আজিৰপৰা শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে উত্তৰ অসমৰ সৰ্ববৃহৎ বিহু কৰ্মশালা। শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ উদ্যোগত ৬ বছৰৰ পৰা ৪০ বছৰ বয়সৰ প্ৰায় ১০০০ প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কৰ্মশালা অহা ৫ এপ্ৰিলত অন্ত পৰিব । আজি বিয়লি বিপুল সংখ্যক লোকৰ উপস্থিতিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অৰূপজ্যোতি চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে এই কৰ্মশালাৰ শুভ উদ্বোধন কৰে । লখিমপুৰ জিলাৰ উপৰি বৰনাৰায়ণপুৰৰ দাঁতি-কাষৰীয়া বিশ্বনাথ, মাজুলী, ধেমাজি আদি আটাইকেইখন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰপৰাও প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আজি আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, কৰ্মশালাৰ মুখ্য প্ৰশিক্ষকদ্বয় ৰঞ্জিত গগৈ, ডঃ গায়ত্ৰী মহন্ত, আটাইকেইগৰাকী প্ৰশিক্ষক, সহ: প্ৰশিক্ষকৰ লগতে বৰনাৰায়ণপুৰৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে আজিৰ উদ্বোধনী অনুষ্ঠানত বৰনাৰায়ণপুৰৰ প্ৰায় কুৰিগৰাকী বিহুৰ সাধকক সম্বৰ্ধনা জনোৱা হয়।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন