বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটি ছাত্ৰ দিৱস হিচাপে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় এন এছ এছ কোষে এক ৱেবিনাৰৰ জৰিয়তে ছাত্ৰ দিৱস উদযাপন কৰে। ৱেবিনাৰখন উদ্ধোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই সমাজলৈ ব্ৰহ্মৰ অমূল্য অৱদান, বিশেষকৈ তেওঁৰ বিদ্বান আৰু নেতৃত্বৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৱেবিনাৰত ভাগ লোৱা সকলক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে চমু ভাষণত ব্ৰহ্মৰ দূৰদৰ্শী নেতৃত্ব আৰু বড়ো সম্প্ৰদায়ক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উন্নীত কৰাত তেওঁৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পদ্মশ্ৰী বঁটা প্ৰাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক অনিল কুমাৰ বড়োৱে ব্ৰহ্মৰ সংগ্ৰাম আৰু সদৌ বড়ো ছাত্ৰ সন্থা (এবছু)ৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত আলোকপাত কৰি মূল ভাষণ প্ৰদান কৰি ছাত্ৰ দিৱস পালনৰ জৰিয়তে ব্ৰহ্মক সন্মান জনোৱাৰ বাবে অসম চৰকাৰৰ শলাগ লয়। অনুষ্ঠানত অধ্যাপক অধ্যাপিকা ,এন এছ এছৰ স্বেচ্ছাসেৱক, আৰু বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰায় ১০০ জনে ভাগ লৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি সামূহিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া ডঃ ঋতুপৰ্ণ বৰাৰ ধন্যবাদ জ্ঞাপনেৰে ৱেবিনাৰৰ সামৰণি পৰে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন