বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটি ছাত্ৰ দিৱস হিচাপে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় এন এছ এছ কোষে এক ৱেবিনাৰৰ জৰিয়তে ছাত্ৰ দিৱস উদযাপন কৰে। ৱেবিনাৰখন উদ্ধোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই সমাজলৈ ব্ৰহ্মৰ অমূল্য অৱদান, বিশেষকৈ তেওঁৰ বিদ্বান আৰু নেতৃত্বৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৱেবিনাৰত ভাগ লোৱা সকলক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে চমু ভাষণত ব্ৰহ্মৰ দূৰদৰ্শী নেতৃত্ব আৰু বড়ো সম্প্ৰদায়ক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত উন্নীত কৰাত তেওঁৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পদ্মশ্ৰী বঁটা প্ৰাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক অনিল কুমাৰ বড়োৱে ব্ৰহ্মৰ সংগ্ৰাম আৰু সদৌ বড়ো ছাত্ৰ সন্থা (এবছু)ৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত আলোকপাত কৰি মূল ভাষণ প্ৰদান কৰি ছাত্ৰ দিৱস পালনৰ জৰিয়তে ব্ৰহ্মক সন্মান জনোৱাৰ বাবে অসম চৰকাৰৰ শলাগ লয়। অনুষ্ঠানত অধ্যাপক অধ্যাপিকা ,এন এছ এছৰ স্বেচ্ছাসেৱক, আৰু বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰায় ১০০ জনে ভাগ লৈ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি সামূহিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এন এছ এছ গোটৰ কাৰ্যসূচী বিষয়া ডঃ ঋতুপৰ্ণ বৰাৰ ধন্যবাদ জ্ঞাপনেৰে ৱেবিনাৰৰ সামৰণি পৰে।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ