অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ আহ্বানেৰে সমাজৰ সৰ্বস্তৰতে ব্যাপক পথ-সুৰক্ষা জনসচেতনতা সৃষ্টিত উঠিপৰি লাগিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত মহানগৰ জিলাখনৰ লগতে ইয়াৰ সমীপৰ বিভিন্ন ৰঙালী বিহু সন্মিলনীত সমৱেত ব্যাপকসংখ্যক ৰাইজৰ সন্মুখত ব্যতিক্ৰমী অনুষ্ঠান পৰিৱেশন কৰি সুৰক্ষিত যাতায়াতৰ প্ৰতি সকলোকে দায়বদ্ধ কৰিব পৰাকৈ বিভাগটোৱে পাৰ্যমানে প্ৰচেষ্টা চলাইছে। দেওবাৰে চিৰিয়াখানা আঞ্চলিক ৰঙালী বিহু সন্মিলনী, শনিবাৰে চন্দ্ৰপুৰৰ ঠাকুৰকুছি ব’হাগী উৎসৱ আৰু ইয়াৰ আগেয়ে ক্ষেত্ৰী, তেতেলীয়া গান্ধীনগৰ ৰঙালী বিহু সন্মিলনত পথ-সুৰক্ষা সজাগতাৰ বাণী সম্বলিত বিহুগীত, বিহুহুচৰি, সজাগতামূলক নাটক আদিৰে যুৱপ্ৰজন্মকে ধৰি সকলো শ্ৰেণীৰ ৰাইজৰ মাজত বাহন চালনাৰ নীতি নিৰ্দেশনা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয়। গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ নেতৃত্ব বহন কৰি পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে বিহুৰ অনুষ্ঠানসমূহত সমবেত আই-মাতৃসকলক নিজৰ সন্তান, নাতি-পুতিৰ হাতত হেলমেট-ছীটবেল্ট তুলি দি তীব্ৰবেগ পৰিহাৰ কৰি সুৰক্ষিত যাতায়াতৰ প্ৰতি দায়বদ্ধ কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সবিনয়ে আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ যানবাহন ব্যৱহাৰকাৰীক কেবল নিয়মৰ খাতিৰত নহয় সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত যানবাহন চালনাৰ নীতি-নিয়মসমূহ মানি চলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ব্যতিক্ৰমী অনুষ্ঠানসমূহত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীতকে ধৰি পথ-সুৰক্ষাৰ নীতিনিয়মৰ আধাৰত বিশেষভাৱে প্ৰস্তুত কৰা গীত, নাটক আৰু বিহু হুচৰিয়ে শ্ৰোতা দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰে ৷
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan