ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পৰিবেশ সংৰক্ষণৰ বাবে দিয়া নিৰ্দেশনাৰ আধাৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয়ৰ উদ্যোগত ৫ মে’ত ৰাণী হাইস্কুল চৌহদত পৰিবেশ সংৰক্ষণৰ লগতে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি ৰোপণ অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ এই গছপুলি ৰোপণ অভিযানত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত বাহিনীটোৰ বিষয়া – জোৱান সকলে হাইস্কুলৰ ছাত্ৰ – ছাত্ৰী সকলৰ সহযোগত জাম, ভোমোৰা, নিম, অৰ্জুন, কৃষ্ণচুড়া , ৰাধাচূড়া , শিলিখাকে ধৰি প্ৰায় বিভিন্ন প্ৰজাতিৰ ফলাহাৰী আৰু ঔষধি গুণযুক্ত গছপুলি ৰোপণ কৰে। আনহাতে এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই পৰিবেশ সংৰক্ষণত গছ – গছনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে আৰু ছাত্ৰ – ছাত্ৰী সকলক গছপুলি ৰোপণ এটা অভ্যাসত পৰিণত কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, সহকাৰী কমাডেণ্ট কমলপ্ৰীত কৌৰকে ধৰি কেবাজনো বিষয়া, ৰাণী হাইস্কুলৰ প্ৰধান শিক্ষক দীপক কুমাৰ শৰ্মা, সহকাৰী শিক্ষক সৰ্বানন্দ কলিতাকে ধৰি শিক্ষক – শিক্ষয়ত্ৰী, ছাত্ৰ – ছাত্ৰী আৰু অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে পৰিবেশ সংৰক্ষণৰ লগতে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানে ৰাণী হাইস্কুল খেলপথাৰৰ চাৰিওফালে গছপুলি ৰোপণ কৰা বাবে অঞ্চলটোৰ লোকসকলে বাহিনীটোৰ শলাগ লৈছে।
Trending
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন