সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিয়ে আজি নৱনিযুক্ত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা জনায়। আজুৰ নগাঁও জিলাৰ সভাপতি ৰাজীৱ কুমাৰ নেওগ, কাৰ্যকৰী সভাপতি ঘনকান্ত বৰা, সাধাৰণ সম্পাদক ছফিকুৰ ৰহমান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ফাইজুৰ ৰহমানৰ লগতে বটদ্ৰৱা, ধিং, ৰহা, কামপুৰ, কচুৱা, কঠিয়াতলী, চামগুৰি, নগাঁও, জাজৰি, বেবেজীয়া আদি বিভিন্ন অঞ্চলৰ কুৰিজনীয়া সাংবাদিকৰ দলে বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গামোছা, স্মাৰক, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰৰে আয়ুক্ত গৰাকীক আদৰণি জনাই। সম্বৰ্ধনা গ্ৰহণ কৰি আজুৰ সদস্য সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এক আলোচনাত মিলিত হয়। নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ, নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আদি ৰাজহুৱা স্বাৰ্থজনিত বিভিন্ন বিষয়ৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ তাৎক্ষণিক সমাধানৰ বাবে ব্যবস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ইফালে আজুকে ধৰি নগাঁও জিলাৰ সাংবাদিক সকলে গঠনমূলক সংবাদ পৰিৱেশনৰ যোগেদি এখনি সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত যি সক্ৰিয় ভূমিকা পালন কৰি আহিছে তাৰ বাবে আয়ুক্ত শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰি ভবিষ্যতৰ দিনত সহায় সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে। উল্লেখ্য যে, আজুৰ নগাঁও জিলা সমিতিৰ উক্ত প্ৰতিনিধি দলটোত দিব্যজ্যোতি বৰুৱা, ৰাহুল দেৱ বৰদলৈ, দিব্যজ্যোতি বৰঠাকুৰ, তিলেশ্বৰে দাস, বেদব্ৰত ৰাজা, দুলাল শৰ্মা, গকুল ভাৰতী, নিপেন হাজৰিকা, প্ৰমোদ শৰ্মা, ৰাজীৱ গায়ন, ছাইদুল ইছলাম, কমলেশ্বৰ কাশ্যপকে আদি কৰি কুৰি গৰাকী সাংবাদিক উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য