সাহিত্য সাধনা মঞ্চ অসমৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাখন আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাৰ পাছত বিয়লি অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ দাস, সম্পাদক নৱজিৎ দাস , মুখ্য উপদেষ্টা বিনয় কুমাৰ শৰ্মা আৰু বজালী জিলা সমিতিৰ ডঃ চন্দনা শৰ্মা আৰু সহকাৰী সম্পাদক দেব বৰাই । সংবাদমেলত সাহিত্য সাধনা মঞ্চ , অসমৰ সংবিধান প্রদত্ত চাৰিটা সৰ্বোচ্চ সন্মান অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই অহা চাৰিগৰাকী বিশিষ্ট সাহিত্যিক আৰু শিল্পীলৈ আগবঢ়োৱা হব বুলি কেন্দ্ৰীয় সমিতিৰ সম্পাদকে ঘোষণা কৰে। সেই অনুসৰি অসমৰ জাতীয় জীৱনলৈ সাহিত্য ক্ষেত্ৰখনৰ জৰিয়তে সেৱা আগবঢ়াই অহা বিশিষ্ট সাহিত্যিক , চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোহাঁইলৈ সাহিত্য সাধনা বঁটা ২০২৪ , গণশিল্পী মহেন্দ্ৰ হাজৰিকালৈ সাহিত্য সাধনা সংস্কৃতি বঁটা ২০২৪, বড়ো সাহিত্য সভাৰ উপ সভাপতি, বিশিষ্ট সাহিত্যিক সীতাৰাম বসুমতাৰীলৈ সাহিত্য সাধনা জনগোষ্ঠীয় ভাষা বঁটা ২০২৪ আৰু বিশেষ ভাৱে সক্ষম যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ সাহিত্য সাধনা যুৱ বঁটা ২০২৪ আগবঢ়োৱা হব বুলি ঘোষণা কৰা হয় । উল্লেখযোগ্য যে এই বঁটা সাহিত্য সাধনা মঞ্চ , অসমৰ অহা ২৬ ছেপ্টেম্বৰত বজালী জিলা সমিতিৰ আতিথ্যত পাঠশালাত মঞ্চৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হবলগীয়া সাহিত্য সাধনা দিৱসত প্ৰদান কৰা হব। স্মৰ্তব্য যে সাহিত্য সাধনা মঞ্চ অসমে প্ৰতিষ্ঠা দিৱসটো প্ৰতি বছৰে সাহিত্য সাধনা দিৱস হিচাবে উদযাপন কৰি আহিছে। সংবাদ মেলত সাহিত্য সাধনা মঞ্চ অসমৰ ২০২৪ বৰ্ষৰ বঁটা নিৰ্বাচক সমিতিৰ দুগৰাকী সদস্য ক্ৰমে ড০ মুনীন শইকীয়া আৰু ড০ সৰোজ মোহন দাসক ধন্যবাদ জ্ঞাপন কৰা হয় । উল্লেখ্য যে সভাত উপস্থিত থকা মঞ্চৰ মহিলা সদস্যা সকলে সমবেত কণ্ঠত সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ