‘ফৰ্টিফাইড’ চাউলৰ সম্পৰ্কত জনসাধাৰণৰ ধাৰণা অধিক জ্ঞানপ্ৰসূত কৰাৰ উদ্দেশ্যে আৰু সংবাদ মাধ্যমৰ জৰিয়তে ইয়াৰ সম্পৰ্কে ব্যাপক প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ প্ৰগতি মেনৰৰ সভাকক্ষত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ৰাষ্ট্ৰসংঘৰ বিশ্ব স্বাস্থ্য কাৰ্যসূচীৰ যুটীয়া উদ্যোগত ‘পুষ্টি প্ৰথম’ সামাজিক আচৰণ পৰিৱৰ্তনৰ এখন সংবাদ মাধ্যমৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত কেবাজনো সমল ব্যক্তিয়ে চাউলৰ ফৰ্টিফিকেশ্বন যে জনসাধাৰণৰ স্বাস্থ্য ৰক্ষাৰ বাবে অতিকে অপৰিহাৰ্য, কম খৰচী উদ্ভাৱন, সেই বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। কৰ্মশালাখনত ব্যক্ত কৰে যে বৰ্তমান ৰাজ্যখনৰ সকলো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীক ‘ফৰ্টিফাইড’ চাউল বিতৰণ কৰা হৈছে। বিশ্ব খাদ্য কাৰ্যসূচীৰ সহযোগিতাত অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে সাৰ্বজনিন বিতৰণ প্ৰণালীৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অন্তৰ্গত সংহত শিশু উন্নয়ন সেৱা আৰু সমগ্ৰ শিক্ষাৰ অন্তৰ্গত পোষণ বা মধ্যাহ্ন ভোজন আঁচনিৰ জৰিয়তে সকলো হিতাধিকাৰীক ১০০ শতাংশ ‘ফৰ্টিফাইড’ চাউল বিতৰণৰ লক্ষ্যৰে কাম কৰি আছে। কিন্তু সজাগতাৰ অভাৱত চাউল ধোৱা সময়ত অতিকে পুষ্টযুক্ত FRK অৰ্থাৎ fortified rice kernel সমূহ খোৱাৰ অনুপযুক্ত বুলি ভাবি ধুই, বাচি পেলাই দিয়া হয়। ভিটামিন বি১২, ফলিক এচিড আৰু আইৰণেৰে পূৰ্ণ এইবিলাকে জনসাধাৰণৰ পুষ্টিহীনতা, ৰক্তহীনতা দূৰীকৰণত বহুলভাৱে সহায় কৰে। সেয়ে ধোৱাৰ সময়ত উপঙি অহা চাউলসমূহ পঁচা বা খোৱাৰ অনুপযোগী বুলি নাভাবিবলৈ সজাগতা সৃষ্টিৰ বাবে কৰ্মশালাখনত সংবাদ মাধ্যমক অনুৰোধ জনায়। উল্লেখযোগ্য যে ১:১০০ হিচাপত ‘ফৰ্টিফাইড’ চাউলসমূহ সাধাৰণ চাউলৰ সৈতে মিহলি কৰা হয়।উল্লেখযোগ্য যে অসম চৰকাৰৰ সহযোগত WFP আৰু ব্ৰহ্মপুত্ৰ ফাউণ্ডেচন ফৰ ছ’ছিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহোড প্ৰেকটিচে ৰাজ্যৰ ১৭ খন জিলাৰ ‘পুষ্টি প্ৰথম’ নামৰ সামাজিক আচৰণ পৰিৱৰ্তনৰ এই অভিযানটো সফলতাৰে ৰূপায়ণ কৰে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা এই অভিযানে সমগ্ৰ অসমৰ ৪০ লাখৰো অধিক লোকৰ কাষ চাপিছে।আজিৰ এই কৰ্মশালাখনত সংশ্লিষ্ট বিভাগৰ কেবাজনো বিষয়ববীয়া উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন