অসম চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ৬৪সংখ্যক শিক্ষক দিৱস উদযাপন

0 290

অসম চৰকাৰৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আজি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিতি ৬৪সংখ্যক শিক্ষক দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে মহান শিক্ষাবিদ, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। ইয়াৰ লগতে এই বৰ্ষৰ বিদ্যালয় শিক্ষাৰ কৃতী শিক্ষক-শিক্ষয়িত্ৰীসকলক ৰাজ্যিক বঁটা প্ৰদানৰ লগতে শিক্ষা সেতু এপৰ ব্যৱহাৰত কৃতিত্ব লভা বিদ্যালয় আৰু জিলাসমূহক সম্বৰ্ধনা জনোৱা হয়। লগতে উচ্চ শিক্ষা ক্ষেত্ৰখনতো বিভিন্ন দিশত কৃতিত্ব অৰ্জন কৰা অধ্যাপক-অধ্যাপিকাসকল তথা ২০২৪-২৫ শিক্ষাবৰ্ষত NAACৰ জৰিয়তে A-Grade স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এইবেলি প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ ১৫ গৰাকীকৈ কৃতী শিক্ষকক এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়, লগতে উচ্চ শিক্ষা অনুষ্ঠানত নিজৰ গৱেষণাৰ জৰিয়তে পেটেণ্ট লাভ কৰা চাৰিগৰাকীকৈ প্ৰৱক্তা, NAACৰ A-Grade স্বীকৃতিপ্ৰাপ্ত ৬ খন মহাবিদ্যালয়, NCCৰ জৰিয়তে সেৱা আগবঢ়োৱা চাৰিগৰাকীকৈ সহকাৰী অধ্যাপক, কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ গৱেষণাৰ জৰিয়তে পেটেণ্ট লাভ কৰা পাঁচগৰাকীকৈ সহকাৰী অধ্যাপকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰে যে বিভাগীয় পাঠ্যপুথিৰ উপৰি প্ৰতিগৰাকী শিক্ষাগুৰুৱে ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে আত্মনিয়োগ কৰা উচিত। শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী শিক্ষাগুৰুক সমৰ্পিত মনোভাবেৰে শিক্ষাদানত ব্ৰতী হ’বলৈ আহ্বান জনায়। তেওঁ প্ৰতিখন শিক্ষানুষ্ঠানক ক্লিন আৰু গ্ৰীন কেম্পাচ হিচাপে গঢ়ি তোলাত জোৰ দিয়ে।

শিক্ষামন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে শিক্ষাৰ মান উৰ্ধাগামী কৰাৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। ফলস্বৰূপে ২০২১ চনৰ পৰা বৰ্তমানলৈকে প্ৰায় পঞ্চাশ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি প্ৰদান কৰা হৈছে। আমাৰ বিদ্যালয়সমূহে যাতে আজিৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগত আগুৱাই যাব পাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰতিখন উচ্চ-প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত Smart Class room প্ৰদান কৰা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ জলসিঞ্চন, স্বাস্থ্য আদি বিভাগৰ অশোক সিংঘল, বিধায়ক পৃথ্বীৰাজ ৰাভা, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষাৰ মিচন সঞ্চালক ড০ ওম প্ৰকাশ প্ৰমুখ্যে শিক্ষা বিভাগৰ বিষয়া, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.