অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন

0 466

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু অণুবিদ্যুৎ অভিযান্ত্ৰিক বিভাগ আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ যৌথ উদ্যোগত আজি এদিনীয়া কাৰ্য্যসূচীৰে অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগণত “বহনক্ষম উন্নয়ন লক্ষ্য ৭ অৰ্জনৰ দিশে (নিৰ্মল আৰু সহজলভ্য শক্তি)” ( “Towards Achieving SDG 7 (Affordable and Clean Energy)”) শীৰ্ষক এখনি গৱেষণা সন্মিলন অনুষ্ঠিত হয় । সন্মিলনত উচ্চশিক্ষাৰ বিভিন্ন অনুষ্ঠান, উদ্যোগ আৰু বেচৰকাৰী প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে । আনহাতে সন্মিলনখনিত অংশগ্ৰহণকাৰীসকলে ৩০ খন কাৰিকৰী গৱেষণা পত্ৰ পাঠ কৰে আৰু বিকেন্দ্ৰীকৃত নবীকৰণযোগ্য শক্তিৰ পাইলট প্ৰকল্প আৰু শিক্ষাক্ষেত্ৰ আৰু উদ্যোগৰ মাজত সহযোগিতাৰ বাবে আন্তঃখণ্ড আৰু আন্তঃশাখা পৰিকল্পনাক উদগণি যোগোৱা হয়। সন্মিলনখনত কাৰিকৰী আৰু নীতি সম্পৰ্কীয় ভাষণ আগবঢ়োৱা বিশিষ্ট বক্তাসকলৰ ভিতৰত আছিল ক্ৰমে – অসম শক্তি উন্নয়ন পৰিষদৰ প্ৰাক্তন সঞ্চালক মৃণাল কৃষ্ণ চৌধুৰী, ফ্ৰী পাৱাৰ টেক্নলজী/ এফ আই এন ই আৰৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক ভাস্কৰ কাকতি, বাংলাদেশৰ এ আই ইউ বিৰ ড০ শোভন কুমাৰ কুণ্ডু, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ড০ পংকজ কলিতা, ইমাৰটেক্সৰ সঞ্চালক জয়কুমাৰ বালাসুব্ৰমণিয়ান, এনাৰ্জী, ডব্লিউ আৰ আই ইণ্ডিয়াৰ কাৰ্যসূচী পৰিচালক মছফিক হাজৰিকা আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মেঘালয়ৰ ড০ য়ানৰেন্থুং অডিঅই । সন্মিলনত “Predictive Maintenance of Induction Motors Using Dual-Sensor Monitoring” আৰু স্মাৰ্ট-মিটাৰ ব্যৱস্থাপনাৰ বাবে এনছেম্বল এমএল পদ্ধতিৰ পৰা আৰম্ভ কৰি স্মাৰ্ট মিটাৰিং, IoT-সক্ষম হাইড্ৰোপনিক্সযুক্ত সৌৰ ৰিট্ৰেক্টেবল গ্ৰীণহাউচ, মাইক্ৰোগ্ৰীড এচি/ডিচি হাইব্ৰিড বিশ্লেষণ, আৰু মেচিন-লাৰ্নিং সৌৰ পূৰ্বাভাস আদিৰ বাবে চাইবাৰ-চিকিউৰিটিৰ পৰ্যালোচনা আৰু সুৰক্ষাৰ কৌশলসমূহ পৰ্যালোচনা কৰা হয়।

Leave A Reply

Your email address will not be published.