আজি গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ সভাত জনতাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সাহিত্য সভা কাৰ্যনিৰ্বাহক সদস্য অতুল তামুলীয়ে আৰু ড॰ ভূপেন হাজৰিকাৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে সাহিত্যৰথী সাহিত্য সভা সভাপতি মফিজুদ্দিন আহমদে৷ কবি, লেখক ভবেনজ্যোতি বৰাৰ সম্পাদনাত শিশু-সাহিত্যিক তিলো সোণোৱালৰ “তিলো সোণোৱালৰ শিশু আৰু কিশোৰৰ ৰচনাৱলী” ৩য় খণ্ড উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা লোক-সংস্কৃতিৰ গৱেষক, ভাষাবিদ ড॰ উপেন ৰাভা হাকাচামে৷ মহেশ্বৰ বৰাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাখনি সঞ্চালনা কৰে বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰে৷ সভাত ২০২৫ বৰ্ষ সাহিত্য অকাডেমীৰ শিশু-সাহিত্য বঁটা প্ৰাপক মানীয় সুৰেন্দ্ৰ মোহন দাসক সম্বৰ্ধনা জনোৱা হয়৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শৰাইঘাট মহাবিদ্যায়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰতিমা মহন্ত৷ গ্ৰন্থ উন্মোচনীৰ লগতে এখনি কবি সন্মিলন অনুষ্ঠিত হৈ যায়৷ কবি সন্মিলনীখনি আৰম্ভ হয় লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ফাইজুৰ ৰহমান আৰু তেওঁৰ সংগীবৃন্দই জিকিৰ পৰিৱেশনে৷ ভাস্বতী ভূঞাই আঁত ধৰা উক্ত কবি সন্মিলনখনিত কবি ক্ৰমে খগেন্দ্ৰ নাথ তালুকদাৰ, দ্বীপৰাজ, ৰঞ্জিত পাটগিৰি, জোনালী মজুমদাৰ, ভিক্টৰ ৰাজকুমাৰ, মনালিছা শৰ্মা, প্ৰতুল শৰ্মা, অঞ্জনা দাস, দিগন্তু কুমাৰ নাথ, ছৈয়দা আঞ্জুম আৰা হুচেইন, মৃদু গোস্বামী, জ্যোতিৰ্ময় শৰ্মা, পৰশমণি ভৰালী, ৰাজশ্ৰী ৰাজলক্ষ্মী, স্ব›Ÿালী নাথ, দীপ্তি বৰা, মেঘালী বৰা, আজিদা বেগম, মাধুৰীভূঞা কলিতা, ৰূপালী বৰা ৰাজখোৱা, দীপিকা কলিতা, মামনি ফুকন ভূঞা, অৰুন্ধতী বৰnৱা শইকীয়া আৰু লীলা প্ৰভা দাস ডাঃ নিৰঞ্জন দাস, গজেন দাস, অতুল তামুলী, কল্পনা দেৱীয়ে স্বৰচিত কবিতা পাঠ কৰে৷
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান