ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সহযোগত আজি গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ সভাগৃহত নিচামুক্ত ভাৰত অভিযানৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আদৰণী ভাষণ প্ৰদান কৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ যুটীয়া সঞ্চালক সুস্বপ্না কাকতিয়ে। বন্তি প্ৰজ্বলন কৰি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মান্তাই কয় যে নিচামুক্ত ভাৰত অভিযানৰ উদ্দেশ্যই হৈছে সামজত জনসচেতনতা বৃদ্ধি কৰা। নৱ-প্ৰজন্মক নিচাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ বাবে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰি আহিছে।এই ক্ষেত্ৰত তেওঁ ৰাইজৰ সহযোগিতা কামনা কৰি এখন সমৃদ্ধশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে সংকল্পবদ্ধ হ’বলৈ সকলোকে আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰি জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই কয় যে সুস্থ যুৱ প্ৰজন্ম ৰাষ্ট্ৰৰ চালিকা শক্তি আৰু ৰাষ্ট্ৰ গঠনত যুৱ শক্তিৰ ভূমিকা অপৰিসীম৷ সেয়েহে নিচা মুক্ত সমাজ গঢ়াত সকলোৱে গুৰুত্ব দিব লাগে। চি আই ডিৰ আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতে সভাত নিচাৰ আসক্তিৰ পৰা মুক্তি লাভ আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্কত সাৰগৰ্ভ ভাষণ প্ৰদান কৰে।নিচামুক্ত ভাৰত নিৰ্মাণৰ বাবে আজিৰ অনুষ্ঠানত প্ৰতিজ্ঞা পাঠ কৰোৱা হয়৷ এই অনুষ্ঠানৰ লগত ৰজিতা খুৱাই ছাত্ৰ-ছাত্ৰী, স্বেচ্চাসেৱী সংগঠনৰ তৰফৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকী বিষয়া প্ৰমুখ্যে বিশেষ ভাৱে সক্ষম কিশোৰ কিশোৰী, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী,জ্যেষ্ঠ নাগৰিক আৰু অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram