জালান ফিল্মচ্ৰ নিবেদনত, গোপাল জালানৰ প্ৰযোজনাৰে আৰু ঝুলন কৃষ্ণ মহন্তৰ পৰিচালনাত নিৰ্মিত তথ্যচিত্ৰ ’শিপা-ঝাৰ’ এ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উল্লেখযোগ্য সফলতা অৰ্জন কৰি চলচ্চিত্ৰ জগতত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ১৫ মিনিট দৈৰ্ঘ্যৰ এই তথ্যচিত্ৰখন ২০২৫ চনৰ আগষ্ট মাহত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা আয়োজিত “চৰাই চাপৰি চলচ্চিত্ৰ কৰ্মশালা”ৰ অংশ হিচাপে প্ৰস্তুত কৰা হৈছিল। কৰ্মশালাত নিৰ্মিত এই তথ্যচিত্ৰখন ২০২৪–২৫ বৰ্ষত একাধিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সমালোচক আৰু দৰ্শকৰ প্ৰশংসা লাভ কৰিছে ।’শিপা-ঝাৰ’ তথ্যচিত্ৰখনে জয়পুৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰাৰ লগতে সংগীত পৰিচালক সৌৰভ মহন্তই শ্ৰেষ্ঠ সংগীত বঁটা, ঝুলন কৃষ্ণ মহন্তই শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ কনচেপ্ট (ধাৰণা) শিতানত বঁটা লাভ কৰে। ইয়াৰ উপৰিও মালদা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ তথ্যচিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালক শিতানত বঁটা লাভ কৰে। কহিনুৰ চলচ্চিত্ৰ মহোৎসৱত ঝুলন কৃষ্ণ মহন্তই শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে।আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই তথ্যচিত্ৰখন নবম আন্তঃৰাষ্ট্ৰীয় ফ’ক্ল’ৰ ফিল্ম ফেষ্টিভেল, কেৰেলা (১৫–২০ জানুৱাৰী, ২০২৬), গ্লোবেল ইয়ুথ ফিল্ম ফেষ্টিভেল, চণ্ডীগড় (২৪ ডিচেম্বৰ), ভিডিঅ’টেপ ফিল্ম ফেষ্টিভেল, বাংগালুৰু (৮ জানুৱাৰী, ২০২৬) আৰু ৬ষ্ঠ ইণ্ডিয়া ইণ্টাৰনেচনেল ষ্টাৰ ফিল্ম ফেষ্টিভেল (২০২৫), চ’ল ড’কো- ফিক্চন ফিল্ম ফেষ্টিভেল (২০২৫)ত প্ৰদৰ্শিত হোৱাৰ সুযোগ লাভ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ‘শিপা-ঝাৰ’ৰ পৰিচালক ঝুলন কৃষ্ণ মহন্তৰ দ্বাৰা পৰিচালিত প্ৰথম পৰিচালিত পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘নদী মাথোঁ বয়’ (Song of the River)ৰ জৰিয়তে পৰিচালনা জগতত প্ৰৱেশ কৰাৰ দিনৰে পৰা নতুন নতুন কাহিনী আৰু সোৱাদেৰে ইখনৰ পাছত সিখন সময়োপযোগী চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে। দৰঙীয়া কলা- কৃষ্টিৰ হেৰাই যাব ধৰা গীত মাত সমূহক নতুন প্ৰজন্মই কি দৰে নিজৰ কৰি লৈছে বা নতুনৰ দৃষ্টিভংগীত কি দৰে আকৌ প্ৰাণ পাই উঠিছে, অসমৰ মাটি- পানী- বায়ু লৈ কি দৰে এনে গীত- মাত বোৰ সৃষ্টি হৈছে বা বিয়পি ফুৰিছে সেই কথাক কাহিনীৰ ৰূপ দি সহজে বুজি পোৱা এখন তথ্য-চিত্ৰক প্ৰযোজনা কৰিছে প্ৰযোজক গোপাল জালানে। অসমৰ সাহিত্য–সংস্কৃতি আৰু চলচ্চিত্ৰ জগতৰ এক পৰিচিত নাম গোপাল জালানে সহ-প্ৰযোজিত ছবি ‘দীনবন্ধু’য়ে ২০০৫ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে প্ৰযোজিত চুটি ছবি ‘লিয়াকত’ এ বিভিন্ন ৰাষ্ট্ৰীয়–আন্তৰ্জাতিক উৎসৱত সন্মান লাভ কৰে। ইয়াৰ উপৰিও ‘Letters from Deuta’ আৰু তথ্যচিত্ৰ ‘Alone in the Combat Zone’ (বৰংঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত দেৱৰ জীৱনী) ৰাষ্ট্ৰীয়–আন্তৰ্জাতিক পৰ্যায়ত স্বীকৃত হৈছে। বৰ্তমান তেওঁ ‘বাৰ্তাপখিলি’ আলোচনীৰ কাৰ্যৰ্বাহী সম্পাদক আৰু ‘আৰোহন’, ‘ড° ভূপেন হাজৰিকা কালচাৰেল ট্ৰাষ্ট’ আৰু ‘শিল্পী সাহাৰ্য নিধি ন্যাস’ৰ ট্ৰাষ্টী হিচাপেও দায়িত্ব পালন কৰি আহিছে। শিপা-ঝাৰ তথ্য চিত্ৰখনত অংশ লৈছে সহকাৰী পৰিচালক হিচাপে প্ৰত্যাশী গগৈয়ে। চিত্ৰগ্ৰহণ ফায়াদ মান্নন আহমেদৰ। শব্দ বিভাগৰ মূৰব্বী হিচাপে আছে মুম্বাইত প্ৰতিস্থিত অসমীয়া শব্দযন্ত্ৰকাৰী অৰুণজ্যোতি শৰ্মা। চৰাই চাপৰিৰ গ্ৰীস্মকালীন কৰ্মশালাৰ এটি ফছল হিচাপে ‘শিপা-ঝাৰ’ তথ্যচিত্ৰখনৰ এই সাফল্যই অসমৰ তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনক পুনৰ এক নতুন স্বীকৃতি প্ৰদান কৰিছে বুলি চলচ্চিত্ৰ মহলত মত প্ৰকাশ কৰা হৈছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ