যানবাহনৰ গৰাকীৰ দৈনন্দিন জীৱনৰ বিভিন্ন এৰাব নোৱৰা ব্যস্ততা অথবা ঘৰতে বহিও কাৰিকৰী অজ্ঞতা-অসুবিধাত বাহনৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ লাভ কৰিব নোৱৰাসকলক ঘৰৰ পদূলিতে গৈ সেৱা আগবঢ়াইছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৷পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত ৰাজধানী চহৰখনত এই কাৰ্যসূচী তীব্ৰতৰ কৰি তোলাৰ সমান্তৰালভাৱে শুকুৰবাৰে ৰাতিপুৱাতে হহঁৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত গৈ উপস্থিত হয় বিভাগৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দল। অঞ্চলবাসী ৰাইজৰ যানবাহনৰ নথিপত্ৰ আৰু কৰ পৰিশোধ বিষয়ক ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ লগতে সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত বাহনৰ নথিপত্ৰসমূহ ততালিকে উন্নীতকৰন কৰি ৰাইজলৈ সেৱা আগবঢ়ায়। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ অসমক দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাত যাতে সকলো লোকেই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মহানগৰ জিলাখনৰ সকলো অঞ্চল সামৰি জ্যেষ্ঠ পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী তীব্ৰতৰ কৰি তোলা হয়। বিভিন্ন শ্ৰেণীৰ বাহনৰ দুশৰো অধিক লোকে অংশগ্ৰহণ কৰা কাৰ্যসূচীত বাহনৰ নথিপত্ৰৰ আসোঁৱাহ দূৰ কৰাকে ধৰি চালকৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান, কৰ পৰিশোধ, গৰাকীৰ ঠিকনা পৰিবৰ্তন, ই চালান নিষ্পত্তি, মালিকানা হস্তান্তৰ আদি বিভিন্ন কামৰ আবেদন আৰু নিষ্পত্তি কৰা হয় ৷ ইফালে বাহনৰ নথিপত্ৰসমূহ সকলো সময়ত সঠিক হৈ নাথাকিলে কোনো দুৰ্ঘটনাত পতিত হৈ তৃতীয় পক্ষক কিবা ক্ষতিপূৰণ দিবলগীয়া হ’লেও চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা যে কোনো ধৰনৰ ক্ষতিপূৰণ নাপাবও পাৰে সেই সন্দৰ্ভতো বাহনৰ চালক যাত্ৰী আৰু গৰাকীৰ মাজত সজাগতা সৃষ্টি কৰি সুৰক্ষিত যাতায়াতৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰা হয়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan