বৰমণিপুৰত বিশ্ব অনাঁতাৰ দিৱস উদযাপন-শিল্পী প্ৰতিভা দেৱীক লোকশিল্পী বঁটা-২০২৬ প্ৰদান

0 5

ৰেডিঅ’ জনসাধাৰণৰ মাজত যুগ যুগ ধৰি বিভিন্ন তথ্যৰ লগতে মানুহৰ মনোৰঞ্জনৰ অভাৱ পুৰণ কৰি আহিছে। শিশুৰ পৰা বৃদ্ধলৈ ভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি এক দীঘলীয়া যাত্রাৰে ৰেডিঅ’ বৰ্তমান সময়তো এক শক্তিশালী গণমাধ্যম। ছাত্র-ছাত্রী সকলে ৰেডিঅ’অনুষ্ঠান সমূহৰ জৰিয়তে জীৱনৰ জ্ঞান অহৰণ কৰিব পাৰে ।- এই মন্তব্য মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈৰ ।কালি মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই নগাঁও-মৰিগাঁও জিলাৰ সীমামুৰীয়া অঞ্চল বৰমণিপুৰত অৱস্থিত শংকৰ- আজান জাতীয় বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা বিশ্ব অনাঁতাৰ দিৱসৰ মুকলি সভাত বক্তব্য ৰাখি বৰদলৈয়ে এনেদৰে কয়। দিনৰ ১১বজাত বিশিষ্ট সমাজকৰ্মী নোমল চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে শ্ৰোতা সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ,বিদ্যালয়খনৰ প্ৰধান শিক্ষক আবিদুৰ ৰহমান, লোকশিল্পী মিলেশ্বৰ ডেকা, চহা শিল্পী সুৰেশ হাজৰিকা, দূৰ্গাপ্ৰসাদ নাথকে ধৰি বহু সংখ্যক ৰাইজ। অনুষ্ঠানৰ আৰম্ভণিতে সোনতৰা বৰদলৈ আৰু সংগী সকলৰ কণ্ঠত নাম পৰিবেশন, সুৰেশ হাজৰিকাই পৰিবেশন কৰা খগেন মহন্তৰ কালজয়ী গীতৰ পিছতে ছাত্র-ছাত্রী সকলৰ মাজত বিচিত্রা অনুষ্ঠান অনুষ্ঠিত হয়।এই সভাতে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই প্ৰবৰ্তন কৰা লোকশিল্পী বঁটা-২০২৬ প্ৰতিভা দেৱীলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই বঁটাৰ লগত এখনি ফুলাম গামোছা, চেলেং চাদৰ, জাপি, এটি স্মাৰক আৰু সম্বৰ্ধনা পত্র আছে। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৯ বজাত এখন বাহনত এটা বৃহৎ আকাৰৰ ৰেডিঅ’ লৈ নগাঁও টাউনৰ মাজেৰে ঘুৰাই ৰাইদঙীয়া, চকলাঘাট, মাজগাঁৱেৰে আহি এক ব্যতিক্ৰমী ভ্ৰমণসূচীৰে ১১ বজাত সভাস্থলিলৈ অহা হয়। মূল সভাৰ আগেয়ে ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকণ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগীতা অনুষ্ঠিত হয়। বিয়লি ৩ বজাত অনুষ্ঠানৰ সামৰণি পৰে।

বাতৰি যুগৰতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.