কামৰূপ মহানগৰ জিলাৰ ডিগাৰুত চিত্ৰনিৰ্মাতা,পৰিচালক চন্দ্ৰশেখৰ দাসৰ পৰিকল্পনাত নেডফিমছৰ উদ্যোগত দেওবাৰে “দৰ্শন” শীৰ্ষক এক চুটি চলচ্চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। শিশু-কিশোৰকে ধৰি যুৱপ্ৰজন্মৰ মাজত মানসিক,আধ্যাত্মিক তথা জীৱন দৰ্শন জগাই তোলাৰ লক্ষ্যৰে অনুষ্ঠিত চলচ্চিত্ৰ প্ৰদৰ্শনীত বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱককে ধৰি বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। চলচ্চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰা উঠি অহা প্ৰজন্মৰ মাজত পথ সুৰক্ষা সচেতনতাৰ লগতে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্য সজাগতা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীক পথৰ নিয়ম মানি চলা, হেলমেট-ছিটবেল্ট ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা তথা দায়িত্বশীল আচৰণৰ ক্ষেত্ৰত সজাগ কৰা হয়।সজাগতাৰ অভাৱত কিদৰে ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে পাৰে সেই সন্দৰ্ভতো ভবাই তোলাৰ প্ৰয়াস কৰা হয়। বিশেষকৈ সম্প্ৰতি ডিজিটেল যুগত আগবাঢ়োঁতে আমি প্ৰকৃতি আৰু নৈতিক মূল্যবোধ বজাই ৰখাৰ লগতে শাৰীৰিক সক্ষমতা, মানসিক সুস্থতা, মোবাইলৰ অধিক ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱ আদি দিশসমূহ ডাঙি ধৰা হয়। “দৰ্শন” কাৰ্যসূচীত প্ৰদৰ্শিত চলচ্চিত্ৰসমূহ হ’ল জীৱন, মুক্তি, ৰাজু গ’ল স্কুললৈ, চক্রবেহু, পাপী, ব্লেক হোৱেল আৰু দাপোণ। চলচ্চিত্ৰসমূহৰ ৰচনা আৰু পৰিচালনা চন্দ্ৰশেখৰ দাসৰ। প্ৰদৰ্শনীত উপস্থিত থাকি চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা ঈষান হাজৰিকা আৰু লেখক-সাংবাদিক ৰক্তাভজ্যোতি বৰাই ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠানটোৰ আঁত ধৰে সমাজকৰ্মী সূৰ্য দাসে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ