বিশ্বায়নৰ যুগত মাতৃভাষা অসমীয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ অর্থে ডিজিটেল জগতত ভাষাৰ আধিপত্য বিস্তাৰ কৰাৰ লগতে ভাষাৰ ব্যৱহাৰযোগ্যতা বৃদ্ধিৰ অর্থে জনসাধাৰণৰ বাবে ভাষাটো সহজলভ্য কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই লক্ষ্য অগত ৰাখি অসমীয়া ভাষাৰ বাবে অসমত উদ্ভাৱিত প্ৰকল্প “আখৰ এ আই”-এ নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে “ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট ২০২৬” অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। বৰ্ণ লেবছৰ অদ্বিতীয় উদ্ভাৱন তথা অসমীয়া ভাষাৰ বিশ্বৰ প্ৰথম স্পীচ-টু-টেক্সট এপ্লিকেশ্যন “আখৰ এ আই” ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী তাৰিখে এই সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতৰ লগতে বিশ্বৰ প্ৰায় দহখন দেশৰ প্ৰসিদ্ধ এ আই প্ৰতিষ্ঠানসমূহে এই সন্মিলনত অংশগ্ৰহণ কৰি নিজৰ কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন উদ্ভাৱন প্ৰদৰ্শন কৰিছে। সৰ্বমুঠ তিনিশতকৈও অধিক পেভিলিয়নত ভাৰতকে ধৰি বিশ্বৰ প্ৰসিদ্ধ ষ্টাৰ্টআপ, কোম্পানী আৰু চৰকাৰী বিভাগসমূহে নিজৰ প্ৰযুক্তি আৰু প্ৰডাক্ট প্ৰদৰ্শন কৰিছে। অসমীয়া ভাষাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য স্থানীয় ভাষাসমূহৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে “আখৰ এ আই”য়ে গ্ৰহণ কৰা প্ৰচেষ্টাই এই সন্মিলনত দৰ্শকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। এই অনুষ্ঠানত বিশ্বপ্ৰসিদ্ধ ব্যক্তি চেম অল্টমেন, দাৰিও আমোদেই, সুন্দৰ পিছাই, বিল গেটছ, ডেমিছ হাছাবিছ, মুকেশ আম্বানী আদিৰ দৰে প্ৰতিষ্ঠিত উদ্যোগপতি তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ লগতে ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰীসকলেও ইয়াত বক্তৃতা আগবঢ়াব। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি “আখৰ এ আই”য়ে অসমীয়া ভাষাকেন্দ্রিক এ আই প্রযুক্তিক বিশ্বৰ দৰবাৰলৈ উপস্থাপন কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। বেছিভাগ উন্নত প্ৰযুক্তি কেৱল ইংৰাজী বা কেইটামান নিৰ্বাচিত বিশ্বজনীন ভাষাৰ মাজত সীমাবদ্ধ। “আখৰ এ আই”-ৰ দৰে পদক্ষেপে প্ৰমাণ কৰিছে যে অসমীয়াৰ দৰে পুৰণি আৰু সমৃদ্ধ আঞ্চলিক ভাষাও অত্যাধুনিক এ আই-ৰ সৈতে খোজ মিলাবলৈ সক্ষম হৈছে। ই ৰাজ্যৰ প্ৰত্যেক স্তৰৰ লোককে তেওঁলোকৰ নিজৰ ভাষাতে এ আই প্ৰযুক্তি ব্যৱহাৰ কৰাৰ বাট মুকলি কৰিছে। নিজৰ ভাষাত ভইচ টাইপিং বা সৃজনশীল লিখনিৰ সুবিধা পালে অসমৰ ছাত্ৰ-ছাত্ৰী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ কৰ্মকুশলতা বৃদ্ধি পাব বুলি আশাবাদী আখৰ এ আই-ৰ সৃষ্টিকর্তা তথা বৰ্ণ লেবছ্ প্ৰাইভেট লিমিটেডৰ স্বত্ত্বাধিকাৰী কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰ। আশা কৰা হৈছে অনাগত সময়ত আখৰ এ আই-এ মাতৃভাষাত উপলভ্য জ্ঞানৰ আধাৰত নতুন নতুন সৃষ্টিশীল কৰ্মৰ বাট মুকলি কৰিব।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram