গুৱাহাটী মহানগৰীৰ উত্তৰ জালুকবাৰীস্থিত ভিক্টোৰিয়া ইংলিছ মিডিয়াম হাইস্কুল প্ৰাঙ্গণত ১৬ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া জালুকবাৰী সমষ্টিৰ উন্নয়ন বিষয়ক এখন আলোচনা অনুষ্ঠিত হয়। বিশেষকৈ ২০০১ চনৰ পৰা বিগত প্ৰায় ২৫ বছৰ ধৰি জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জালুকবাৰী সমষ্টিত শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনত হোৱা উন্নয়নৰ ওপৰত আলোচনা চক্ৰখনত আলোকপাত আৰু মত বিনিময় কৰা হয়। আলোচনা চক্ৰত আলোচক হিচাপে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অধ্যাপক হাচমত আলী, বিজেপি দলৰ আইনী কোষৰ দক্ষিণ কামৰূপৰ আহ্বায়ক জয়ন্ত গোস্বামী , জালুকবাৰী সমষ্টিৰ ২১৮ নম্বৰ বুথৰ সভানেত্ৰী আলাম আৰা বেগম, ক্ৰীড়াবিদ বিনোদ পাটগিৰী আৰু গৌতম বৰুৱা , অধিবক্তা খলিলুৰ ৰহমান, শিক্ষাবিদ পদুম শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ নেচিম আহমেদে আলোচক হিচাপে ভাগ লৈ ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত প্ৰায় ২৫ টা বছৰত জালুকবাৰী সমষ্টিত স্বাস্থ্য , শিক্ষা, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নয়নত যি ধৰণে অৰিহণা যোগালে সেয়া অসমতো বাদেই দেশৰ ইতিহাসত এক নজীৰবিহীন ঘটনা হিচাপে পৰিগণিত হোৱা বুলি ব্যক্ত কৰে আৰু ইয়াৰ বাবে সমষ্টিবাসীয়ে সদায় তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বুলি কয় । অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা কেবাজনো বিশিষ্ট ব্যক্তিক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ অন্তত জালুকবাৰী উদগনি মঞ্চৰ সভাপতি আলহাজ শ্বৰীফ উল্লাহ, সাধাৰণ সম্পাদক হাফিজুৰ ৰহমান, কাৰ্য্যকৰী সভাপতি অধিবক্তা খলিলুৰ ৰহমান, উপ সভাপতি অধিবক্তা খোৱাজুৰ ৰহমান, উপদেষ্টা মফতাজুদ্দিন আহমেদ আৰু সমূহ সদস্যই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে জালুকবাৰীৰ লগতে সমগ্ৰ অসমৰ উন্নয়নৰ অবিৰত যাত্ৰাৰ বাবে প্ৰাৰ্থনা জনায় । অনুষ্ঠানত পুৰুষ – মহিলা নিৰ্বিশেষে ডেৰ শতাধিক লোক উপস্থিত আছিল।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ