সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিৰ সক্রিয়তা অধিক তৎপৰ কৰি তোলা হৈছে। এই ক্ষেত্ৰত দলীয় কার্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰিবলৈ অহা ১৮ আৰু ১৯ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডিব্রুগড়লৈ আহিব। এই সন্দৰ্ভত মুখপাত্র কল্যাণ গগৈয়ে আজি দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকী অহা ১৭ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হ’বহি। প্রায় দুহাজাৰ কাৰ্যকৰ্তা আৰু সাংস্কৃতিক কর্মীয়ে তেখেতক আদৰণি জনাব। ইয়াৰ পৰাই তেখেত খনিকৰ চাৰিআলিত উপস্থিত হোৱাৰ লগে লগে ১৫ টা সাংস্কৃতিক দলে আদৰণি জনাব। এক মুকলি বাহনৰ জৰিয়তে এই স্থানৰ পৰাই তেখেত মানকটা খেলপথাৰত উপস্থিত হৈ ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ দ্বাৰা আয়োজিত পৃষ্ঠা প্রমুখৰ সন্মিলনত অংশগ্রহণ কৰিব। প্রায় ২০,০৮৫ জন পৃষ্ঠা প্রমুখ এই সন্মিলনত উপস্থিত থাকিব। পৰৱৰ্তী পর্যায়ত তেখেতে ডিব্রুগড় জিলাৰ পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া প্রবুদ্ধ নাগৰিক সন্মিলনত অংশগ্রহণ কৰিব। সন্ধিয়া ৭ বজাত ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত দলৰ প্ৰভাৰী, সহ-প্ৰভাৰী তথা কাৰ্যকৰ্তা সকলৰ সৈতে সাংগঠনিক বৈঠকত মিলিত হ’ব। অহা ১৯ তাৰিখে পুৱা ৯.০০ বজাত বাৰেকুৰী নামঘৰত সেৱা আগবঢ়াব আৰু ১০ বজাত সৰ্বানন্দ সিংহৰ সমাধিত শ্রদ্ধাঞ্জলি জনাব। দিনৰ ১১ বজাত মনোহাৰী চাহ বাগিচাৰ অন্তৰ্গত এক বুথত দলীয় কার্যকর্তা সকলৰ সৈতে মত বিনিময় কৰি অসম ভ্রমণ কাৰ্যসূচী সমাপ্ত কৰিব। ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ এই ভ্ৰমণৰদ্বাৰা নিশ্চিতভাৱে দলৰ কাৰ্যকৰ্তাসকল উৎসাহ যোগাব।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan