২০২৫-২৬ বিত্তীয় বৰ্ষ শেষ হ’বলৈ সন্মুখত মাত্ৰ এটা মাহ! ইফালে সন্মুখত যিহেতু অসম বিধানসভাৰ নিৰ্বাচন, সেয়েহে যানবাহনৰ চলাচল আৰু ব্যস্ততা যথেষ্ট বৃদ্ধি পাব। এই সময়চোৱাত ৰাজ্যৰ ৰাজপথত প্ৰতি মুহূৰ্ততে দুৰ্ঘটনামুক্ত আৰু সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ লক্ষ্যৰে বিত্তীয় বৰ্ষৰ অন্তিম মাৰ্চ মাহটো “আশীৰ্বাদ মাহ“ হিচাপে পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ৷ পৰিবহনৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ পৰিকল্পনা আৰু তত্ত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজিৰে পৰা গ্ৰহণ কৰা “আশীৰ্বাদ মাহ”ত যানবাহনৰ নথিপত্ৰৰ বৈধতা আৰু আইনী সুৰক্ষাৰ ব্যৱস্থা বিশেষকৈ চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ ফিটনেছ, বীমা, প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ আদি সঠিক কৰাৰ ক্ষেত্ৰত অত্যধিক গুৰুত্ব দিয়া হৈছে ৷ কিয়নো নথিপত্ৰ সঠিক হৈ থাকিলে নিজে চাপমুক্ত হৈ থকাৰ লগতে দুৰ্ঘটনাৰ সংখ্যায়ো সাধাৰণতে হ্ৰাস পায়। সেয়ে “যানবাহন আইন মানক, বিপদৰ পৰা বাচক; আশীৰ্বাদ মাহৰ সুযোগ গ্ৰহণ কৰি নিৰ্ভয়ে চকা ঘূৰাওক” আহ্বানেৰে সেৱা মাহৰ সুবিধা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ সকলো শ্ৰেণীৰ বাহনৰ গৰাকী, প্ৰতিষ্ঠানক জ্যেষ্ঠ পৰিবহণ বিষয়া গৰাকীয়ে আহ্বান জনায় ৷ বৰ্হিৰাজ্যত যানবাহন পঞ্জীয়ন কৰি সেই ৰাজ্যৰ নাম্বাৰ প্লেট লগাই অসমত ব্যৱসায়-বাণিজ্য চলাই থকা বিভিন্ন ৰাজ্যৰ বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানসমূহক নিজৰ নিজৰ বাহনসমূহ অসমৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, বিশেষকৈ সৰ্বাধিক সংখ্যকে যিহেতু গুৱাহাটীতে ব্যৱসায় বাণিজ্য চলাই আছে সেয়ে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়ন কৰি যাৱতীয় কৰকাটল দিবলৈ আহ্বান জনাইছে ৷ অসমৰ ৰাজপথত চলা ব্যক্তিগত ব্যৱসায়িক সকলো বাহনকে প্ৰতিনিয়ত সুৰক্ষা দিবলৈ ইয়াৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহে যিহেতু সদাসচেতন ভূমিকা গ্ৰহণ কৰি আহিছে সেয়ে অসমৰ যানবাহন সুৰক্ষা আইনৰ আওটালৈ আহিবলৈ নাগালেণ্ড, মনিপুৰ, মেঘালয়, মিজোৰাম আদি বিভিন্ন বৰ্হিৰাজ্যৰ প্ৰতিষ্ঠানসমূহ দায়বদ্ধ হ’ব লাগিব। তদুপৰি অসমৰ বিভিন্ন জিলাৰ লগতে বিশেষকৈ কামৰূপ মহানগৰ জিলাৰ যিসমূহ ব্যক্তিগত আৰু বাণিজ্যিক বাহনে এতিয়াও বিভিন্ন অসুবিধাত বাহনৰ নথিপত্ৰ সঠিক কৰা নাই তেওঁলোকক এই বিশেষ “আশীৰ্বাদ মাহ“ৰ ভিতৰতে বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দি গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ নৱীকৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ অন্যথা যানবাহন আইন অমান্য কৰি ৰাজপথৰ সুৰক্ষিত যাতায়াতৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰা বাহন পৰিবহণ বিভাগৰ তালাচী অথবা জৰিমনাৰ সন্মুখিন হ’ব লাগিব বুলিও উল্লেখ কৰা হয় । চলিত মাৰ্চ মাহটোত কাৰ্যালয় খোলা থকা প্ৰতিটো দিনত মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ “আশীৰ্বাদ মাহ”ৰ তৎকালীন সেৱা গ্ৰহণ কৰিবলৈ পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে সকলো শ্ৰেণীৰ বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনায়।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan