৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
এতিয়া মাৰ্চ মাহ কেইদিনমানৰ পিছতে চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অন্ত পৰিব। এই সময়ছোৱাতে যান-বাহনৰ গৰাকীৰ বাবেও আহি পৰিছে এক বিশেষ দায়িত্ব। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে গৰাকীৰ প্রিয় বাহনখনৰ পথ কৰ আৰু অন্যান্য যাৱতীয় বকেয়া কৰসমূহ পৰিশোধ কৰাৰ এয়াই অন্তিম সময়। কিয়নো যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি ৰখাটো কেৱল চৰকাৰী নিয়মেই নহয়, ই এগৰাকী সচেতন নাগৰিকৰ সামাজিক দায়বদ্ধতাৰ পৰিচয়। সঠিক সময়ত কৰ পৰিশোধ নকৰিলে বাহনৰ ফিটনেছ চাৰ্টিফিকেট বা অন্যান্য নথিপত্ৰ নবীকৰণ কৰা অসম্ভৱ হৈ পৰে। ফলত আপোনাৰ বাহনখন পথত চলাচলৰ ক্ষেত্ৰত আইনী বৈধতা হেৰুৱাব পাৰে। যদিহে কৰ পৰিশোধ নকৰাৰ বাবে বাহনৰ নথিপত্ৰৰ ম্যাদ উকলি যায়, তেন্তে দুৰ্ঘটনাবশতঃ কিবা ক্ষয়ক্ষতি হ’লেও চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ লাভ নকৰিব। এনে পৰিস্থিতিত দিশহাৰা অৱস্থাৰ সন্মুখীন হবলগীয়া হোৱাটোৱে স্বাভাৱিক। তেওঁ আৰু কয় যে বাহনৰ গৰাকীয়ে দিয়া প্ৰতিটো টকা দেশৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক কামত ব্যৱহাৰ হয়। গতিকে সময়মতে কৰ দিয়াটো দায়িত্বশীলতাৰ পৰিচয়ৰ লগতে দেশপ্ৰেমৰেই এটা অংশ ৷ তাকে নকৰিলে নিৰ্ধাৰিত সময় পাৰ হৈ গ’লে জৰিমনা ভৰিবলগীয়াও হ’ব পাৰে। সেয়ে অনতিপলমে কৰ আদায় দিয়াটো বুদ্ধিমানৰ কাম। এনেক্ষেত্ৰত জ্যেষ্ঠ পৰিবহণ বিষয়া গৰাকীয়ে ব্যক্তিগত বাহনকে ধৰি বাণিজ্যিক তথা উদ্যোগ-প্ৰতিষ্ঠান, বহুজাতিক কোম্পানীত ব্যবহৃত সকলো শ্ৰেণীৰ বাহনৰ গৰাকীক অনতিপলমে বকেয়াসহ যাৱতীয় সমুদায় কৰ আদায় দি বাহনসমূহ সকলো ফালৰ পৰা সক্ষম কৰি ৰাখি পথত সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাত সহযোগিতাৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনায়।