গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত ৯ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । বিশেষকৈ “Give to Gain” বাণী বিষয়ত গুৰুত্ব আৰোপ কৰি আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে গুৱাহাটীৰ পামহীস্থিত পৰিজাত একাডেমীত শিক্ষাৰ্থী সকলৰ মাজত আগবেলা এক বতৰ বিজ্ঞানৰ সচেতনতা প্ৰচাৰ কাৰ্যসূচী হাতত লোৱা হয় । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ মুৰব্বী ডঃ সঞ্জয় ও’নীল শ্বই শিক্ষাৰ্থী সকলক বতৰ বিজ্ঞানৰ যন্ত্ৰসমূহৰ প্ৰদৰ্শনী আৰু বতৰ সেৱাসমূহৰ বিষয়ে এক সংক্ষিপ্ত বাখ্যা দাঙি ধৰে। আনহাতে বিয়লি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আলোচনা গৃহত এখন বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিথি বক্তা ৰূপে উপস্থিত থাকি গুৱাহাটীৰ বি বৰুৱা কলেজ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডঃ জ্যোতি ৰাণী বৰাই ‘Give to Gain’ বিষয়ত মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজনীয়তা” শীৰ্ষক বক্তৃতা আগবঢ়ায় । অনুষ্ঠানৰ আঁত ধৰে কনিষ্ঠ অনুবাদ বিষয়া ৰাজা শ্বই ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী