ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষক তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰয়াত নগেন ৰাজবংশীৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকীৰ পুণ্য তিথি উপলক্ষে পশ্চিম জালুকবাৰীস্থিত অনসূয়া এপাৰ্টমেণ্টৰ বাসগৃহত এখনি সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয় । প্ৰয়াত নগেন ৰাজবংশীৰ স্কুলীয়া সহপাঠী তথা বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মহেশ্বৰ কলিতাৰ সঞ্চলানত অনুষ্ঠিত গ্ৰন্থ উন্মোচনৰ প্ৰাকমুহূৰ্তত প্ৰয়াত নগেন ৰাজবংশীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে নগেন ৰাজবংশীৰ সহধৰ্মিনী মল্লিকা শইকীয়া ৰাজবংশী আৰু একমাত্ৰ পুত্ৰ দেৱৰাজ ৰাজবংশীয়ে । ইয়াৰ পিছত প্ৰয়াত নগেন ৰাজবংশীৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিওৱা “এজন শিক্ষকৰ অমৰ যাত্ৰা :: ৰাজবংশী ছাৰ” শীৰ্ষক সোঁৱৰণী স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ক্ৰমে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মহেশ্বৰ কলিতা, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উৎপল শৰ্মা, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য, অসম খনি উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভৰালী, বিশিষ্ট কবি অধীৰ চন্দ্ৰ দাস আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াই । স্মৃতিগ্ৰন্থখন উন্মোচন কৰি আটাই কেইগৰাকীয়ে প্ৰয়াত নগেন ৰাজবংশীৰ সৈতে লাভ কৰা জীৱনৰ বৰ্ণিল অভিজ্ঞতা সমূহ ভাষণ প্ৰসংগত উল্লেখ কৰি অনুষ্ঠানটো আৱেগিক কৰি তোলে । লগতে প্ৰয়াত নগেন ৰাজবংশীৰ কটন কলেজৰ সহপাঠী ছাত্ৰী বান্ধৱী তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী কৰবী চৌধুৰীয়ে প্ৰয়াত ৰাজবংশীৰ সৈতে থকা ঘনিষ্ঠতা সম্পৰ্কত এক সুন্দৰ বক্তব্য প্ৰদান কৰে । স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নয়ন কলিতা, সহকৰ্মী ক্ৰমে মফিদা বেগম, ৰূপালী মিশ্ৰ, প্ৰমীলা দেৱী, প্ৰভা দাস, সুদৰ্শনা ডেকা তালুকদাৰ, জোনালী গোস্বামী, সাংবাদিক ভৱেশ কলিতা, পুলক কলিতা, ৰমেন ভৰালী প্ৰমুখ্যে প্ৰয়াত নগেন ৰাজবংশীৰ প্ৰায় শতাধিক সুহৃদ আৰু পৰিয়ালৰ আত্মীয় স্বজন উপস্থিত থাকে । উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষক তথা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক প্ৰয়াত নগেন ৰাজবংশীৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকীৰ পুণ্য তিথি উপলক্ষে পশ্চিম জালুকবাৰীস্থিত অনসূয়া এপাৰ্টমেণ্টৰ বাসগৃহত এখনি সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয় । প্ৰয়াত নগেন ৰাজবংশীৰ স্কুলীয়া সহপাঠী তথা বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মহেশ্বৰ কলিতাৰ সঞ্চলানত অনুষ্ঠিত গ্ৰন্থ উন্মোচনৰ প্ৰাকমুহূৰ্তত প্ৰয়াত নগেন ৰাজবংশীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে নগেন ৰাজবংশীৰ সহধৰ্মিনী মল্লিকা শইকীয়া ৰাজবংশী আৰু একমাত্ৰ পুত্ৰ দেৱৰাজ ৰাজবংশীয়ে । ইয়াৰ পিছত প্ৰয়াত নগেন ৰাজবংশীৰ স্মৃতি সজীৱ কৰি ৰখাৰ মানসেৰে পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিওৱা “এজন শিক্ষকৰ অমৰ যাত্ৰা :: ৰাজবংশী ছাৰ” শীৰ্ষক সোঁৱৰণী স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ক্ৰমে কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মহেশ্বৰ কলিতা, ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ উৎপল শৰ্মা, দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য, অসম খনি উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভৰালী, বিশিষ্ট কবি অধীৰ চন্দ্ৰ দাস আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক নীৰেন্দ্ৰ চন্দ্ৰ ঠাকুৰীয়াই । স্মৃতিগ্ৰন্থখন উন্মোচন কৰি আটাই কেইগৰাকীয়ে প্ৰয়াত নগেন ৰাজবংশীৰ সৈতে লাভ কৰা জীৱনৰ বৰ্ণিল অভিজ্ঞতা সমূহ ভাষণ প্ৰসংগত উল্লেখ কৰি অনুষ্ঠানটো আৱেগিক কৰি তোলে । লগতে প্ৰয়াত নগেন ৰাজবংশীৰ কটন কলেজৰ সহপাঠী ছাত্ৰী বান্ধৱী তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী কৰবী চৌধুৰীয়ে প্ৰয়াত ৰাজবংশীৰ সৈতে থকা ঘনিষ্ঠতা সম্পৰ্কত এক সুন্দৰ বক্তব্য প্ৰদান কৰে । স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নয়ন কলিতা, সহকৰ্মী ক্ৰমে মফিদা বেগম, ৰূপালী মিশ্ৰ, প্ৰমীলা দেৱী, প্ৰভা দাস, সুদৰ্শনা ডেকা তালুকদাৰ, জোনালী গোস্বামী, সাংবাদিক ভৱেশ কলিতা, পুলক কলিতা, ৰমেন ভৰালী প্ৰমুখ্যে প্ৰয়াত নগেন ৰাজবংশীৰ প্ৰায় শতাধিক সুহৃদ আৰু পৰিয়ালৰ আত্মীয় স্বজন উপস্থিত থাকে ।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান