প্ৰায় চাৰে চাৰি মাহৰ অন্তত চলিত মাৰ্চ মাহৰ ১১তাৰিখৰ পৰা মাজে সময়ে বৰষুণ হৈ আছে।পলমকৈ হলেও অহা এই বৰষুণৰ ফলত ধুলিয়াৰী পৰিবেশৰ লগতে গৰমৰ পৰাও ৰাইজে বহুখিনী সকাহ দি কৰিছে। আনহাতে এই বৰষুণৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ দীপৰ বিলৰ সমীপৰ দেউচতালকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত বৰো ধানৰ খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। একেৰাহে প্ৰায় চাৰে চাৰি মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত বৰো ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলিছিল ।বৰো ধান খেতিত ব্যস্ত আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন ঠাইৰ চহা কৃষক সকল চিন্তিত হৈ পৰিছিল। এই সন্দৰ্ভত বৰো ধানৰ খেতি কৰি অহা দীপৰ বিলৰ সমীপৰ দেউচতালৰ উদীয়মান কৃষক তথা বিজেপি দলৰ অনুসূচিত জনজাতি মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপীকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ধাননি পথাৰত দেখা দিয়া পানীৰ অভাৱে কৃষকসকলক চিন্তিত কৰি পেলাইছিল। কৃষকে পথাৰত কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা বৰো ধানত পানীৰ অভাৱ হোৱাত খেতি পথাৰত ফাঁট মেলিবলৈ লৈছিল। এনে অৱস্থাত বিগত ১১ মাৰ্চৰ পাছত মাজে সময়ে হৈ থকা বৰষুণে জীপাল কৰি তুলিছে বৰো ধানৰ খেতি। পলমকৈ হ’লেও ধৰালৈ বৰষুণ নামি অহাত কৃষকক মুখত হাঁহি বিৰিঙাইছে। ইফালে পশ্চিম গুৱাহাটীৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিতো বৰষুণে তাত কৃষি কৰ্ম কৰি অহা চাৰি শতাধিক কৃষকৰ মুখলৈ হাঁহি আনিছে। এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে পলমকৈ হলেও অহা বৰষুণে ৰাণী চাপৰিত শাক – পাচলি, জিকা , ভেণ্ডী , বেঙেনা, বিলাহী, লাউ আদিৰ খেতি কৰা কৃষক সকলক বহুখিনী সকাহ দিছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাণী চাপৰিত কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি অহা দুখীয়া কৃষকসকলে প্ৰতি বিঘাত মাত্ৰ ৫০০ টকাৰ প্ৰিমিয়াম জমা দি মাটিৰ ম্যাদী পট্টা লাভ কৰাত স্বাভাবিকতে তেঁওলোক উৎসাহিত হৈ পৰিছে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap