প্ৰায় চাৰে চাৰি মাহৰ অন্তত চলিত মাৰ্চ মাহৰ ১১তাৰিখৰ পৰা মাজে সময়ে বৰষুণ হৈ আছে।পলমকৈ হলেও অহা এই বৰষুণৰ ফলত ধুলিয়াৰী পৰিবেশৰ লগতে গৰমৰ পৰাও ৰাইজে বহুখিনী সকাহ দি কৰিছে। আনহাতে এই বৰষুণৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ দীপৰ বিলৰ সমীপৰ দেউচতালকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত বৰো ধানৰ খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। একেৰাহে প্ৰায় চাৰে চাৰি মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত বৰো ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলিছিল ।বৰো ধান খেতিত ব্যস্ত আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন ঠাইৰ চহা কৃষক সকল চিন্তিত হৈ পৰিছিল। এই সন্দৰ্ভত বৰো ধানৰ খেতি কৰি অহা দীপৰ বিলৰ সমীপৰ দেউচতালৰ উদীয়মান কৃষক তথা বিজেপি দলৰ অনুসূচিত জনজাতি মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপীকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ধাননি পথাৰত দেখা দিয়া পানীৰ অভাৱে কৃষকসকলক চিন্তিত কৰি পেলাইছিল। কৃষকে পথাৰত কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা বৰো ধানত পানীৰ অভাৱ হোৱাত খেতি পথাৰত ফাঁট মেলিবলৈ লৈছিল। এনে অৱস্থাত বিগত ১১ মাৰ্চৰ পাছত মাজে সময়ে হৈ থকা বৰষুণে জীপাল কৰি তুলিছে বৰো ধানৰ খেতি। পলমকৈ হ’লেও ধৰালৈ বৰষুণ নামি অহাত কৃষকক মুখত হাঁহি বিৰিঙাইছে। ইফালে পশ্চিম গুৱাহাটীৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিতো বৰষুণে তাত কৃষি কৰ্ম কৰি অহা চাৰি শতাধিক কৃষকৰ মুখলৈ হাঁহি আনিছে। এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে পলমকৈ হলেও অহা বৰষুণে ৰাণী চাপৰিত শাক – পাচলি, জিকা , ভেণ্ডী , বেঙেনা, বিলাহী, লাউ আদিৰ খেতি কৰা কৃষক সকলক বহুখিনী সকাহ দিছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাণী চাপৰিত কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি অহা দুখীয়া কৃষকসকলে প্ৰতি বিঘাত মাত্ৰ ৫০০ টকাৰ প্ৰিমিয়াম জমা দি মাটিৰ ম্যাদী পট্টা লাভ কৰাত স্বাভাবিকতে তেঁওলোক উৎসাহিত হৈ পৰিছে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan