ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ

0 49

অসম বিধানসভা নিৰ্বাচন, ২০২৬ উপলক্ষে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যজুৰি প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ (SVEEP)ৰ অধীনত এলানি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
ভোটদানৰ হাৰ বৃদ্ধি কৰা আৰু নাগৰিকসকলৰ গণতান্ত্ৰিক অধিকাৰ আৰু দায়িত্ববোধৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ তত্ত্বাৱধানত ৰাজ্যজুৰি ব্যাপকভাৱে এই ভোটাৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিধানসভা নিৰ্বাচন ২০২৬ত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যৰে ওদালগুৰিত ‘ওডাল’ নামৰ জিলা শুভংকৰ আৰু এখন বিশেষ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ বাহন মুকলি কৰা হয়। ইয়াৰ লগতে ভোটাৰসকলক উৎসাহিত কৰাৰ বাবে মহাবিদ্যালয় আৰু পূৰ্বতে নিৰ্বাচনত কম ভোটদান হোৱা ভোটকেন্দ্ৰসমূহত সচেতনতা অভিযান গ্ৰহণ কৰা হৈছে।
লক্ষীমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ‘চুনাৱ পাঠশালা’ কাৰ্যসূচীৰ উপৰি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত অংগনবাড়ী কৰ্মীসকলে ঘৰে ঘৰে গৈ “মোৰ ভোট, মোৰ অধিকাৰ” শীৰ্ষক বাণীৰে ভোটদানৰ বিষয়ে সজাগতা বৃদ্ধিৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত জ্যেষ্ঠ নাগৰিক, দিব্যাংগ আৰু মাতৃ গোটসমূহকো সামৰি লোৱা হৈছে। একেদৰে মৰিগাঁও জিলাতো চেলফি পইণ্ট, প্ৰশ্ন-উত্তৰ শিতান, শপতগ্ৰহণ আৰু ‘আপোনাৰ ভোটাধিকাৰ সম্পৰ্কে অৱগত হওঁক’ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰে।
ইফালে, ভোটদানত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে পশ্চিম কাৰ্বিআংলং জিলাত চেলফি পইণ্ট স্থাপন, ভোটাৰ শপত গ্ৰহণ আৰু প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ প্ৰচাৰ পত্ৰিকা প্ৰদৰ্শনৰ দৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
মাজুলীত জিলা প্ৰশাসনে ভোটাৰক উৎসাহিত কৰিবলৈ “দেওৰাজ”ক নিৰ্বাচনৰ শুভংকৰ হিচাপে বাচনি কৰিছে।জিলা আয়ুক্তৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে এই শুভংকৰ উন্মোচন কৰা হয়। ইয়াৰ লগতে এক চেলফি পইণ্ট আৰু পেলনীয়া সামগ্ৰীৰ সৃজনীমূলক পুনঃব্যৱহাৰৰ প্ৰদৰ্শনীও অনুষ্ঠিত কৰে।
ইফালে শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ড আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)ৰ সহযোগত এক সজাগতামূলক স্কুটি শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়। এই শোভাযাত্ৰা ডিমৌৰ পৰা নিতাইপুখুৰীলৈ অনুষ্ঠিত কৰা হয়।‌ইয়াৰ জৰিয়তে প্ৰতিজন নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহিত কৰে।
আনহাতে, তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ উদ্যোগত দিহিং চাহ বাগিচাত সজাগতামূলক কাৰ্যসূচী হিচাপে গোটেই প্ৰক্ৰিয়াটোক “গণতন্ত্ৰৰ আমন্ত্ৰণ” বুলি অভিহিত কৰি অধিক ভোটদান নিশ্চিত কৰিবলৈ আহ্বান জনায়। নতুন ভোটাৰসকলক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ প্ৰতি সজাগ কৰিবলৈ জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে।কামৰূপ জিলাতো নিৰ্বাচনী শুভংকৰ “কামৰূপীয়া” মুকলি কৰি মোৰ ভোট মোৰ অধিকাৰ’ শীৰ্ষক শ্ল’গানেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে।
দৰঙৰ ছিপাঝাৰ, খাৰুপেটীয়া আদি ঠাইতো ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ শপতগ্ৰহণ আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণ কৰে। সমান্তৰালকৈ চৰাইদেউ জিলাতো নতুন ভোটাৰসকলৰ মাজত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সোণাৰি বাণিজ্য মহাবিদ্যালয়ত এখনি মুকলি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে।এই সকলো পদক্ষেপৰ মূল লক্ষ্য হৈছে নাগৰিকসকলক তেওঁলোকৰ ভোটাধিকাৰ আৰু দায়িত্বৰ বিষয়ে সজাগ কৰা আৰু আগন্তুক নিৰ্বাচনত সচেতন, দায়িত্বশীল আৰু সক্ৰিয় অংশগ্ৰহণ কৰা।

Leave A Reply

Your email address will not be published.