দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
ইংৰাজী ভাষা বিশ্ববিদ্যালয় ( ইফ্লু) ৰ শ্বিলং চৌহদত সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ জীৱন আৰু সৃষ্টিৰ ওপৰত প্ৰথমবাৰৰ বাবে ২৮ আৰু ২৯ মাৰ্চত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া কাৰ্যসূচীৰে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। ইফ্লুৰ সাংবাদিকতা আৰু গণ মাধ্যম তথা ইংৰাজী বিভাগৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰখনৰ উদ্বোধনী ভাষণ আভাষিক ৰূপত প্ৰদান কৰে ইফ্লুৰ উপাচার্য অধ্যাপক এন নাগাৰাজুৱে। আনহাতে ইফ্লুৰ শ্বিলং চৌহদৰ সঞ্চালক মৌচুমী গুহ বেনাৰ্জীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত জুবিন গাৰ্গৰ স্কুলীয়া বন্ধু , অসম চৰকাৰৰ বিষয়া তথা লেখক হেমচন্দ্র পাঠকে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিল্পী গৰাকীৰে সান্নিধ্যৰ সোঁৱৰণৰ লগতে তেওঁৰ জীৱন দৰ্শনৰ সন্দৰ্ভত আলোকপাত কৰে ।* ইফ্লুৰ অধ্যাপক ডঃ অলংকাৰ কৌশিককে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে নেহুৰ অধ্যাপিকা ডঃ স্ত্ৰিমালেট দাখাৰে জুবিন গাৰ্গক এগৰাকী বিশ্ব বন্দিত শিল্পী হিচাপে অভিহিত কৰে। স্থানীয় খাচী শিল্পী ইভানিচা পাথাৱে জুবিনৰ মায়াবিনী শীৰ্ষক জনপ্ৰিয় গীতটি পৰিৱেশন কৰি উপস্থিত সকলোকে অভিভূত কৰে। ইয়াৰ পাছতে চলচ্চিত্র অভিনেতা, পৰিচালক আৰু আৰু প্ৰযোজক জুবিন গাৰ্গৰ সন্দৰ্ভত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে চলচ্চিত্র পৰিচালক পাৰ্থজিৎ বৰুৱাই। জীৱনৰ কলা আৰু দৰ্শনত সমাজ আৰু সংস্কৃতি: জুবিন গাৰ্গৰ সাংস্কৃতিক পৰিক্ৰমা আৰু সৃষ্ট ইতিহাস আৰু উত্তৰ-পূব ভাৰত শীৰ্ষকপ্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনত নেহুৰ সাংবাদিকতা আৰু গণ মাধ্যম বিভাগৰ মুৰব্বী অধ্যাপক মানস প্ৰতিম গোস্বামীয়ে সংযোজক হিচাপে থকা প্ৰথমদিনৰ আলোচনাত অংশগ্ৰহণ কৰে ক্ৰমে সংগীত শিল্পী সবিতা শৰ্মা গোস্বামী, চলচ্চিত্র পৰিচালক জয়ন্ত বৰদলৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ অধ্যাপিকা ডঃ পল্লবী দেৱী, যোৰহাট ভিন্টেজ হাবৰ অভিনিবেশ শৰ্মাই।আটাইকেইগৰাকী আলোচকে জুবিন গাৰ্গৰ সাংগীতিক জীৱনৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা আগবঢ়োৱাৰ লগতে সবিতা শৰ্মাই শিল্পী গৰাকীৰ সৈতে দ্বৈত ভাৱে কণ্ঠদান কৰা কেবাটাও গীতা পৰিৱেশন কৰে। ইফ্লুৰ জাৰ্মান ভাষা বিভাগৰ অধ্যাপিকা ডঃ ৰেবেকা থাম সংযোজক হিচাপে থকা দ্বিতীয় দিনাৰ আলোচনাত নেহুৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ডঃ প্ৰীতিনিশা বৰ্মনে জুবিনৰ গীত আৰু প্ৰকৃতি, তেজপুৰ বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অধ্যয়ন বিভাগৰ সহযোগী অধ্যাপক ডঃ পৰশমণি দত্তই জনতাৰ শিল্পী ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ এক তুলনা মূলক আলোচনা, ছিকিম বিশ্ববিদ্যালয়ৰ ডঃ জেচমিন য়ুমচুংগাৰে সামাজিক মাধ্যমৰ যুগত জুবিনৰ মায়াবিনী গীতটিৰ সাৰ্বজনীনতা, যোৰহাট ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ জুৰি বৰুৱাই জুবিন গাৰ্গ আৰু সাংস্কৃতিক ৰাজনীতি বা আশা, ইফ্লুৰ ডঃ ৰজী য়ুমনাম আৰু শ্বেতা চৰকাৰে জুবিন গাৰ্গৰ গীতত উত্তৰ পূব শীর্ষক আলোচনা আগবঢ়ায়। দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰখনৰ সামৰণি অনুষ্ঠানত নেহুৰ অধ্যাপক ডঃ জ্যোতিৰ্ময় প্ৰধানীয়ে জুবিন দৰ্শনৰ ওপৰত বিশ্লেষণ আগবঢ়োৱাৰ লগতে জুবিন ভগ্নী অধ্যাপিকা ডঃ পামি বৰঠাকুৰে কণ্ঠৰ পৰা শূণ্যতা শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত শিল্পী লু মাজাৱ, ইফ্লুৰ অধ্যাপিকা ডঃ অৰ্জুমান আৰা আৰু ডঃ অলংকাৰ কৌশিকে জুবিন গাৰ্গৰ সাংগীতিক যাত্ৰাৰ বিভিন্ন দিশৰ সন্দৰ্ভত বিশ্লেষণ আগবঢ়োৱাৰ লগতে ইফ্লুৰ সঞ্চালিকা মৌচুমী গুহ বেনাৰ্জীয়ে সামৰণি বক্তব্য প্ৰদান কৰে।এই অনুষ্ঠানতে ইফ্লুৰ ছাত্ৰ ছাত্ৰী সকলে জুবিন সংগীত পৰিৱেশন কৰে।